হোজাই, 19 আগষ্ট :‘‘আসন্ন লোকসভা নিৰ্বাচনত আমি অসমত তিনিখন আসনত জয়ী হ'ম । বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে মূল্যবৃদ্ধি । অসমত বিজেপি চৰকাৰে মূল্যবৃদ্ধি কৰিছে ৷ বিজেপি চৰকাৰে ৰাইজৰ কথা চিন্তা নকৰে । সেয়েহে অহা নিৰ্বাচনত ৰাইজে অসমৰ পৰা বিজেপিক বিদায় দি পৰিৱৰ্তন আনিব লাগিব’’ । এই মন্তব্য AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ৷
AIUDF প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয়, ‘‘বর্তমান ভূপেন বৰাৰ লগতে অসম কংগ্ৰেছ নিমাত হৈ আছে ৷ কংগ্ৰেছ দলে বিজেপিৰ B Team হৈ কাম কৰি আছে । আমি ধুবুৰী, নগাঁও কৰিমগঞ্জত জিকিম’’ ।
উল্লেখ্য যে, শুক্ৰবাৰে নিশা হোজাইৰ AIUDF ৰ কাৰ্যালয়ত নগাঁও আৰু কলিয়াবৰ সংসদীয় সমষ্টি ভিত্তিত আয়োজন কৰা হয় এক দলীয় কর্মশালা ৷ বিধায়ক তথা অধিবক্তা আমিনুল ইছলামৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ।
এই সভাতে সংবাদ মাধ্যমৰ আগত দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কয়, ‘‘অহা নিৰ্বাচনত তিনিটা লোকসভা সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম আৰু তিনিওটা সমষ্টিত এ আই ইউ ডি এফৰ সাংসদ জয়ী হ’ব’’ ।