অসম

assam

By

Published : Nov 14, 2020, 3:40 PM IST

ETV Bharat / state

হোজাইত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু দিৱস উদযাপন

হোজাইৰ ২ নং কাকী আদৰ্শ বিদ্যালয়ত শিশু অধিকাৰ সন্দৰ্ভত এক সজাগতা সভাৰ আয়োজন কৰে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা আৰু চাইল্ড লাইন ইণ্ডিয়া ফাউণ্ডেশ্যনে(হোজাই)।

childred's day celebration  hojai
হোজাইত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু দিৱস উদযাপন

হোজাই, 14 নৱেম্বৰঃ আজি ১৪ নবেম্বৰ, শিশু দিৱস। শিশু দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ(নগাঁও)ৰ উদ্যোগত আৰু চাইল্ড লাইন ইণ্ডিয়া ফাউণ্ডেশ্যন(হোজাই), হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সহযোগত হোজাই ২ নং কাকী আদৰ্শ বিদ্যালয়ত শিশু অধিকাৰ সন্দৰ্ভত এক সজাগতা সভাৰ আয়োজন কৰে।

হোজাইত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু দিৱস উদযাপন

উক্ত অনুষ্ঠানত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্য অৰ্পন কৰাৰ লগতে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে উদ্যোক্তাই । সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাই হোজাই চাইল্ড লাইন কৰ্তৃপক্ষক শিশুৰ সুবিধাৰ্থে এখনি বাহনো উপহাৰ দিয়ে। যিখন বাহন ২৪ ঘণ্টাই শিশুৰ সুৰক্ষা প্ৰদানৰ বাবে ব্যৱহৃত হ’ব বুলি আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা গৰাকীয়ে জানিবলৈ দিয়ে । ইপিনে অনুষ্ঠানত উপস্থিত থাকে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাং, পেনেল অধিৱক্তা নমিতা শৰ্মা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি আৰু লংকা ৰাজহ চক্ৰ বিষয়া মধুস্মীতা বৰা ।

লগতে পঢ়কঃসংকটৰ গৰাহত মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰ

ABOUT THE AUTHOR

...view details