হোজাই, 17 অক্টোবৰঃৰাজ্যত এতিয়াও সংঘটিত হৈ আছে বাল্য-বিবাহৰ ঘটনা ৷ বৃহস্পতিবাৰে বাল্য-বিবাহ সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে আন এগৰাকী কিশোৰী ৷ হোজাই জিলাত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনা অনুসৰি, হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী মন্দিৰত এখন বিয়াৰ যোজা চলি আছিল ৷ দৰা 25 বছৰীয়া বিপ্লৱ দাসে বিয়াৰ সকলো প্ৰস্তুতি তুংগত কৰি বিবাহমণ্ডপলৈ আহিছিল ৷ কিন্তু তেনেতে সেই স্থানত আহি উপস্থিত হয় হোজাইৰ চাইল্ড লাইনৰ বিষয়া কৰ্মচাৰী ৷ গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিতে চাইল্ড লাইনে উদ্ধাৰ কৰে কইনাৰূপী 15 বছৰীয়া এগৰাকী কিশোৰীক ৷