অসম

assam

By

Published : Apr 14, 2020, 5:00 PM IST

ETV Bharat / state

লক্ ডাউনঃ আৰক্ষীৰ খেদাত প্ৰাণ গ'ল এজনৰ !

লক্ ডাউনৰ নিয়ম ভংগ কৰি হোজাইৰ কাকীত মৃত্যুক সাৱটিলে নীলবাগানৰ এজন লোকে । লক ডাউনৰ মাজতে দুপইচা উপাৰ্জনৰ বাবে ওলাই গৈ অনাকাংক্ষিতভাৱে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হ'ল লোকজনে ৷

chased by cops, lock down violator hits tree, dies
chased by cops, lock down violator hits tree, dies

নগাঁও, 14 এপ্ৰিল : এটা কৰুণ ঘটনা সংঘটিত হ'ল হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত কাকী টঙীয়াত ৷ যিটো ঘটনাৰ বাবে হোজাইৰ নীলবাগানৰ এটা পৰিয়ালত কান্দোনৰ ৰোল উঠিছে ৷ এই ঘটনাই আবেগিক কৰি তুলিছে সকলোকে ৷ কিয়নো লক্ ডাউনৰ নিয়ম ভাঙি দুপইচা উপাৰ্জন কৰিবলৈ কাকীলৈ গৈ কৰুণ মৃত্যুক সাৱটিলেএগৰাকী পাঁচটি সন্তানৰ পিতৃয়ে ৷

যি সময়ত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ আৰক্ষী তথা প্ৰশাসনে বাৰম্বাৰ ৰাইজক নিজ গৃহত আৱদ্ধ ৰাখিবলৈ নৃত্য-গীতৰ লগতে বিভিন্ন পদ্ধতিৰে সজাগ কৰাৰ চেষ্টা কৰি দিনে ৰাতিয়ে সেৱা আগবঢ়াই আছে , সেই সময়ত নীলবাগানৰ সদৰ গাঁৱৰ পৰা কাকীলৈ কুকুৰা আনিবলৈ গৈছিল আব্দুল হক নামৰ লোকজন ৷ পেটৰ তাড়নাত কৰ্ম বিচাৰিবলৈ গৈ ভাঙিছিল লক্ ডাউনৰ নিয়ম ৷ কাকীলৈ গৈ থকা অৱস্থাত বাটত পহৰা দি থকা এদল আৰক্ষীৰ মুখামুখি হয় লোকজন ৷ আৰক্ষীক দেখিয়েই নিজৰ AS 31 0315 নম্বৰৰ মটৰচাইকেল খনেৰে পলায়নৰ চেষ্টা কৰে ব্যৱসায়ীজনে ৷ এনেদৰে পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে পিচে পিচে খেদি যায় লোকজনক ৷ কিন্তু বিধিৰ বিপাক, দ্ৰুতগতিত মটৰ চাইকেল চলাই পলায়ন কৰোতে লোকজনে এজোপা প্ৰকাণ্ড গছত খুন্দা মাৰি দূৰ্ঘটনাত পতিত হয় ৷ ফলত থিতাতে নিহত হয় লোকজন ৷

লক্ ডাউনে এটা পৰিয়াললৈ নমালে অমানিশা !

ইতিমধ্যে কাকী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ লোকজনৰ মৃত্যুৰ কথা জানিব পাৰি শোকত ভাগি পৰে কণ কণ পাঁচটি সন্তান সহিতে পৰিয়ালটি ৷ শিশুকেইটিৰ কান্দোনৰ দৃশ্যই শোকাস্তব্ধ কৰি তোলে সকলোকে ৷

প্ৰায় সংখ্যক লোকে লক্ ডাউন মানি লৈছে যদিও, একাংশই উলংঘা কৰি আহিছে এই নিৰ্দেশনা ৷ বৰ্তমানলৈকে অসমত লক্ ডাউন উলংঘা কৰাৰ বাবে 1200 বাহন জব্দ কৰাৰ বিপৰীতে 1318 টা চৰকাৰী নিৰ্দেশ উলংঘাৰ গোচৰ ৰুজু হৈছে ৷ লক্ ডাউন উলংঘাকাৰীৰ বাবে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাদ্য হোৱাৰ পৰিপেক্ষিততেই এনে অবাৱনীয় ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক :নাহিল ১০৮ ! ঠেলাতে চিকিৎসালয়লৈ নিলে ৰোগীয়া পুত্ৰক

ABOUT THE AUTHOR

...view details