হোজাই,7 অক্টোবৰ:আগ্ৰহ আৰু সদিচ্ছাই সফলতাৰ চাবি-কাঠী ৷ একাগ্ৰতা আৰু সাধনাত ৰত থাকিলে মানুহে হাজাৰ ব্যস্ততা নেওচি উপনীত হ'ব পাৰে লক্ষ্যত ৷ তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে হোজাইৰ শংকৰদেৱ নগৰৰ এগৰাকী মহিলাই ৷ জিলাখনৰ মাজমজিয়াস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত পাকঘৰ নামেৰে এখন ভাতৰ হোটেল খুলি জীৱন-নিৰ্বাহ কৰা মহিলাগৰাকীৰ নাম ববী বৰকটকী ৷ মহিলাগৰাকী সৰুৰে পৰা আগ্ৰহী আছিল সংগীত চৰ্চাৰ প্ৰতি ৷ ব্যৱসায়ৰ মাজতে সময় উলিয়াই ববীয়ে নিয়মীয়াকৈ চলাই গৈছিল সংগীত চৰ্চা ।
ব্যৱসায়ৰ সমানে সংগীত চৰ্চাত ব্যস্ত ববী - ববী বৰকটকী
হোটেল ব্যৱসায়ৰ মাজতেই সংগীত চৰ্চাৰে সাধনা অব্যাহত ৰাখিছে হোজাইৰ শংকৰদেৱ নগৰৰ ববী বৰকটকী নামৰ এগৰাকী মহিলাই ৷ ববীয়ে এন জে প্ৰডাকচনৰ বেনাৰত বাণীবদ্ধ কৰি উলিয়ায় আদৰৰে বন্ধু শীৰ্ষক এটি বঙালী ভাষাৰ গীত ।
ব্যৱসায়ৰ সমানে সংগীত চৰ্চাত ব্যস্ত ববী
ববীয়ে এন জে প্ৰডাকচনৰ বেনাৰত বাণীবদ্ধ কৰি উলিয়ায় আদৰৰে বন্ধু শীৰ্ষক এটি বঙালী ভাষাৰ গীত । গীতটি বাণীবদ্ধ কৰাৰ উপৰিও অভিনেতা কিশোৰ দাস আৰু অভিনেত্ৰী জয়শ্ৰীৰ দ্বাৰা অভিনীত এক ভিডিঅ’ গীত ৰাইজক উপহাৰ দিয়ে ববীয়ে । সম্প্ৰতি ছ’চিয়েল মেডিয়া ইউ টিউবত উপলব্ধ হৈছে গীতটি ৷
লগতে চাওকঃগুৰুগ্ৰামত কেন্দ্ৰীয়ভাৱে RAFৰ 28 সংখ্যক স্থাপনা দিৱস উদযাপন