হোজাই, ২০ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বে হোজাইত ভাষ্যিক সংখ্যালঘু সম্প্ৰদায়ৰ অসম ভিত্তিত বৃহৎ অভিৱৰ্তন । শনিবাৰৰ পৰা হোজাইত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ভাষ্যিক সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ অভিৱৰ্তনৰ কাৰ্যসূচী ।
হোজাইত ভাষ্যিক সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ অভিৱৰ্তন কাৰ্যসূচী অনুসৰি, সন্ধিয়া যোগল কিশোৰ কেৰিয়া ভৱনত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচ শতাধিক লোক বিশেষকৈ বঙালী সম্প্ৰদায়ৰ লোকসকল আহি উপস্থিত হ'ব । বঙালী লোকসকলৰ কেতবোৰ সমস্যাৰ আলোচনা কৰা হ'ব এই প্ৰতিনিধি সভাত ।
আনহাতে, দেওবাৰে অভিৱৰ্তনৰ মুকলি সভা অনুষ্ঠিত হ'ব । ইয়াৰ বাবে ইতিমধ্যে তুংগত হৈছে প্ৰস্তুতি । সাজু কৰি তোলা হৈছে বিহুতলী ৰাজহুৱা খেলপথাৰ । কংগ্ৰেছৰ ফ্লেগ আৰু আদৰণি তোৰনেৰে ভৰি পৰিছে হোজাই চহৰ ।
হিন্দু-বঙালীৰ সমস্যা সম্পৰ্কীয় আলোচনাৰ উদ্দেশ্য অসম ভিত্তিত অনুষ্ঠিত হোৱা এই অভিৱৰ্তনৰ যোগেদি একপ্ৰকাৰ হোজাইত কংগ্ৰেছে বজাব নিৰ্বাচনী ৰণডংকা । কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো নেতাই অংশগ্ৰহণ কৰিব বুলি জিলা কংগ্ৰেছৰ সম্পাদকে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: