হোজাই, 23 জুলাইঃ হোজাই জিলাৰ সীমামুৰীয়া পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিত প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় মঙলবাৰে ৷ মেনমেজি নামৰ গাওঁখনত এটা ছাগলীক ভক্ষণ কৰিবলৈ চেষ্টা চলাওতেই গাওঁবাসীয়ে প্ৰত্যক্ষ কৰে অজগৰডাল । তাৰ পাছতেই অঞ্চলটোৰ কেইজনমান লোকে অজগৰডাল উদ্ধাৰ কৰি খেৰণি বন বিভাগক চমজাই দিয়ে ।
পশ্চিম কাৰ্বি আংলঙত উদ্ধাৰ প্ৰকাণ্ড অজগৰ - ETV
প্ৰত্যেক বছৰে বনাঞ্চলৰ পৰা ওলাই অহা অজগৰ স্থানীয় লোকে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ৷
পশ্চিম কাৰ্বি আংলঙত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
উদ্ধাৰ হোৱা অজগৰডালৰ দৈৰ্ঘ প্ৰায় ১০ ফুট ৷ পিচত খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত আমৰেং বনাঞ্চলৰ ঘন হাবিত নি মুকলি কৰি দিয়ে খেৰণি বন বিভাগৰ বন কৰ্মচাৰীয়ে ।
উল্লেখযোগ্য যে প্ৰত্যেক বছৰেই স্থানীয়লোকসকলে খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত বিভিন্ন ঠাইত খাদ্যৰ সন্ধানত ওলাই অহা অজগৰ উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়ে ৷ অঞ্চলটোৰ ৰাইজৰ বাবে এয়া এক নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷
Last Updated : Jul 23, 2019, 2:35 PM IST