হোজাই, ১০ নৱেম্বৰ: অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে হোজাইৰ কাকীত বন বিভাগৰ অভিযান। কাকীৰ আমতলাত অবৈধভাৱে বিক্ৰী কৰিবলৈ মজুত ৰখা কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগৰ লোকে। লগতে এটা কাঠ ফলা মেচিনো জব্দ কৰে। দীৰ্ঘ দিন ধৰি হোজাই জিলাত অবৈধভাৱে কাঠৰ ব্যৱসায় চলাই আহিছিল কাঠ ব্য়ৱসায়ীয়ে। চেগুন,গমাৰিকে ধৰি বহু মূল্যৱান কাঠ ফালি অবৈধভাৱে বিক্ৰী কৰি আহিছিল দুষ্ট চক্ৰই।
মঙলবাৰে নখুঁটি আৰু কাকী বন বিভাগৰ যৌথ অভিযানত আমতলাৰ পৰা কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে লক্ষাধিক টকা মূল্যৰ এটা কাঠ ফলা মেচিন জব্দ কৰে বন বিভাগৰ দলটোৱে। আনহাতে,কাঠৰ অবৈধ ব্যৱসায়ৰে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল বন বিভাগ।