হোজাই,20 আগষ্ট:দেশত এতিয়াও মহামাৰী ক’ৰণাৰ প্ৰকোপ হ্ৰাস পোৱা নাই ৷ এতিয়াও প্ৰতিদিনে কম বেছি পৰিমাণে দেশৰ লগতে অসমতো ক’ৰণা আক্ৰান্ত হৈ আছে ভিন্নজন ৷ বিগত 2020 বৰ্ষত ক’ৰণা মহামাৰী সময়ত দেশত চিকিৎসালয়ৰ অভাৱ পৰিলক্ষিত হৈছিলে ৰোগীৰ চিকিৎসা কৰাৰ বাবে ৷ একেদৰে চিকিৎসালয়ৰ লগতে ৰোগী অনা নিয়াৰ বাবে এম্বুলেঞ্চৰ নাটনি হোৱা দেখা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷
তাৰ মাজেত হোজাই জিলাৰ ডবকা চিকিৎসালয়লৈ সাংসদ পুঁজিৰ পৰা এখন এম্বুলেঞ্চ প্ৰদান কৰিছে ৷ হয় শুকুৰবাৰে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদীয় পুঁজিৰ দ্বাৰা হোজাই জিলাৰ 30 খন বিচনাযুক্ত গ্ৰাম্য ডবকা চিকিৎসালয়লৈ এম্বুলেঞ্চখন আগবঢ়াই ৷ সাংসদ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সংসদীয় এলেকা উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত এই এম্বুলেঞ্চখন প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ স্বাস্থ্যৰ অৱনতি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ