এটকাত উদৰ পূৰাই খাওক এসাজ ভাত !
এক টকাত উপলব্ধ এসাজ ভাত ৷ লক্ ডাউনৰ এই সময়তো মাত্ৰ এটকাত এসাজ ভাত উপলব্ধ হোৱাতো শুনিবলৈ আচহুৱা যদিও এইয়া সম্পূৰ্ণ সঁচা ৷ হোজাইত উপলব্ধ হৈছে এই এটকীয়া ভাত ৷
a rsorte owner provide a thali of veg rice on one rupee
হোজাই, 2 এপ্ৰিল :বৰ্তমান সময়ত এটকাৰ মূল্য হয়তো একোৱেই নাই ৷ টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত এটকীয়া-দুটকীয়া আদি মুদ্ৰা মানুহৰ বাবে মূল্যহীন হৈ পৰিছে ৷ এটকাৰে হয়তো কোনো অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব নোৱাৰি আজিৰ সময়ত ৷ মাত্ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ দুই এপদ সামগ্ৰীৰ বাবে হে এটকা বা দুটকাৰ ব্যৱসায় হয় ৷ কিন্তু লক্ ডাউনৰ এই সময়ত কেৱল এটকাত উপলব্ধ হৈছে এসাজ ভাত ৷ আচহুৱা যেন লাগিলেও সঁচা ৷ হোজাইৰ এখন ৰিজ'ৰ্টত বিশেষ একাংশ গ্ৰাহকৰ বাবে যোগান ধৰা হৈছে এটকীয়া ভাত ৷