অসম

assam

ETV Bharat / state

পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা

হোজাইৰ ডবকাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই ৷ জিলাখনৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ সৰুপথাৰত সংঘটিত দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ ঘৰ যমুনামুখত ৷

By

Published : Jun 10, 2020, 1:23 PM IST

A lady spot dead on a accident at Hojai assam etv bharat news
পথ দুৰ্ঘটনা

হোজাই,10 জুন: হোজাই জিলাৰ ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ডবকাৰ পৰা নগাওঁ অভিমুখে গৈ থকা এখন ডাম্পাৰে এগৰাকী পথচাৰী মহিলাক খুন্দা মাৰি মহতিয়াই নিয়াৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই মহিলাগৰাকীয়ে ৷ নিহত মহিলাগৰাকীৰ ঘৰ যমুনামুখত বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনে ৷ ইতিমধ্যে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ডবকা থানাৰ আৰক্ষীয়ে ৷

পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details