হোজাই, 4 জুন:পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰু হোজাই জিলাৰ ডবকাৰ পৰা মঙলবাৰে আটক চাৰি জাল নোট সৰবৰাহকাৰী ৷ আটক হোৱা সৰবৰাহকাৰীকেইটাৰ নাম ক্ৰমে জ্ঞানবাহাদুৰ লামা (৩১), জয়ন্ত সিং(৩৭), ফাইজোল ইছলাম (৪১), নিখিল তেৰাং (১৯) আৰু জয়ন্ত সিং (৩৭) । সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ৫০০ আৰু ২০০০ টকীয়াৰ জাল নোট, ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলী লগতে মুঠ ২ লাখ ২৩ হাজাৰ টকাৰ জাল নোট, দুটা ম’বাইল ফোন জব্দ কৰা হৈছে ৷
অস্ত্ৰসহ খেৰণি-ডবকাত আটক চাৰি জাল নোট সৰবৰাহকাৰী - জাল নোট
সেনা-আৰক্ষীৰ যুটীয়া অভিযানত ৫০০ আৰু ২০০০ টকীয়াৰ জাল নোট, ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলী লগতে মুঠ ২ লাখ ২৩ হাজাৰ টকাৰ জাল নোট, দুটা ম’বাইল ফোন জব্দ কৰা হৈছে ৷
উল্লেখযোগ্য যে গোপন সূত্ৰৰ পম খেদি সেনা-আৰক্ষীৰ যুটীয়া অভিযানত প্ৰথমে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত প্ৰিলু ৰংহাং গাঁৱৰ পৰা জ্ঞানবাহাদুৰ লামা (৩১) আৰু নিখিল তেৰাং (১৯) ক আটক কৰাৰ বিপৰীতে ১০০ খন ২০০০ টকীয়া জাল নোট আৰু এটা ৭.৬৫ পিষ্টল আৰু ৩ ৰাউণ্ড সক্ৰিয় গুলী উদ্ধাৰ কৰে। ইয়াৰ পিছতেই লামা আৰু তেৰাঙৰ স্বীকাৰোক্তিৰ ভিত্তিত ফাইজোল ইছলাম (৪১) আৰু জয়ন্ত সিঙক (৩৭) হোজাই জিলাৰ ডবকা অঞ্চলত আটক কৰাৰ লগতে তেওঁলোকৰ হাতৰ পৰা ৫০০ টকীয়া ২৬ খন আৰু ২০০০ টকীয়া ৫ খন জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষীয়ে । ইতিমধ্যে জাল নোট ব্যৱসায়ৰ বৃহৎ চক্ৰটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে খেৰণি আৰক্ষীয়ে ।