হাইলাকান্দি, ২৮ মাৰ্চঃআগন্তুক লোকসভা নিৰ্বাচনত ভোটবৰ্জনৰ সিদ্ধান্ত হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ ৰাইজৰ । প্ৰতিবছৰে জন প্ৰতিনিধি সকলে ভোট বিচাৰি হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ মূল পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিকুপতি নিৰ্মাণ নহ'ল পথটো । বিধস্ত পথৰেই যাতায়ত কৰিব লগাত পৰিছে স্থানীয় গঞাই ।
হাইলাকান্দিত ভোট বৰ্জনৰ সিদ্ধান্ত কৰিমগঞ্জ লোকসভা সমষ্টিৰ বৰ্তমানৰ এ আই ইউ ডিএফৰ প্ৰাৰ্থী তথা বিগত কাযৰ্কালৰ স্থানীয় সাংসদ ৰাধেশ্যামবিশ্বাসে পথটো উন্নয়নত কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । সাংসদ ৰাধেশ্যাম বিশ্বাসৰ লগতে জিলাখনৰ তিনি গৰাকী বিধায়কক ব্যৰ্থ আখ্যা দি ৰাজ্যেশ্বৰপুৰ গাওঁত তেওঁলোকক প্ৰৱেশ নিষিদ্ধ কৰি সমূহীয়া ভোট বৰ্জনৰ সিদ্ধান্ত গাঁওবাসীৰ । বৃহস্পতিবাৰে গাওঁৰ সকলো ৰাইজ একত্ৰিত হৈ ভোটবৰ্জনৰ লগতে প্ৰায় ১৫০০ ভোটাৰ কাৰ্ড জিলা উপায়ুক্তৰ হাতত জমা দিয়াৰ কথা ঘোষণা কৰে গাঁওবাসীয়ে ।