হাইলাকান্দি, 16 আগষ্টঃ স্বাধীনতাৰ পাচত চৰকাৰ বহুত সলনি হ’ল, কিন্তু সলনি নহ’ল এখন গাঁৱৰ বাসিন্দাৰ ভাগ্য ৷ এই গাঁওখন হৈছে হাইলাকান্দি জিলাৰ কাঠলিছড়া সমষ্টিৰ ধামছড়া গাঁও ৷
গাঁওখনত থকা পথৰ অৱস্থা অত্যন্ত জৰাজীৰ্ণ ৷ বাৰিষা বৰষুণৰ পাচত পথ নে পথাৰ ধৰিবই নোৱাৰা অৱস্থা হৈ পৰে ৷ সেয়ে খোজ কাঢ়িয়েই বিপদসংকুল ভাৱে ৰাইজে অতিক্ৰম কৰিব লাগে 8-10 কিল’মিটাৰ পথ ৷
স্বাধীনতাৰ 74 বছৰ পাচতো উন্নয়ণৰ মুখ নেদেখা এখন গাঁও 10 বছৰ পূৰ্বেই অসমত তেতিয়াৰ শাসনাধিস্থিত কংগ্ৰেছ চৰকাৰৰ দিনত অঞ্চলটোত প্ৰধান মন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ বাবে আবণ্টিত হৈছিল ধন ৷ কিন্তু কাম আৰম্ভ কৰলে যদিওঁ আজিকোপতি সমাপ্ত ন’হল কাম ৷ গাঁওবাসীৰ অভিযোগ যে, বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰে আত্মসাৎ কৰিলে সকলো ধন ৷
আনহাতে গাঁওবাসীয়ে প্ৰকাশ কৰা অনুসৰি নিৰ্বাচন আহিলেহে গাঁওবাসীলৈ মনত পৰে ৰাজনৈতিক নেতা-পালিনেতাৰ ৷ কিন্তু ভোট লৈ জয়যুক্ত হোৱাৰ পাচত গাঁৱৰ পিনে চাবলৈ আহৰি নাথাকে নেতা-মন্ত্ৰীৰ ৷ ইয়াৰ উদাহাৰণ দি গাঁওবাসীয়ে কয় যে, কাঠলিছেড়াৰৰ বিধায়ক সুজাম উদ্দিন লস্কৰে এই পথ মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বিধায়ক হোৱাৰ পাছত প্ৰতিশ্ৰুতি এতিয়ালৈ বাস্তবায়িত নহ’ল ৷
উল্লেখ্য যে, এই শোচনীয় পথৰ বাবে চিকিৎসালয় পোৱাৰ পূৰ্বেই ৰোগী মৃত্যু মুখত পৰাৰ লগতে বহু মহিলা চিকিৎসালয়লৈ যোৱাৰ পথতেই প্ৰসৱ কৰিবলগীয়া হয় বুলি জানিবলৈ দিয়ে ভুক্তভুগী ৰাইজে ৷
ক্ষোভিত হৈ পৰা গঞা ৰাইজে শীঘ্ৰেই পথ নিৰ্মাণৰ লগতে গাঁৱত উন্নয়ণমূলক কাম কৰিবলৈ চৰকাৰক দাবী জনায় ৷ অন্যথা 2021 চনৰ বিধানসভা নিৰ্বাচন বৰ্জনৰ ভাবুকি দিছে গাঁও বাসীয়ে ৷
লগতে পঢ়কঃবিদায় বেলাত ধোনীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৰোহিত, গাংগুলী