শিলচৰ, 26 ফেব্ৰুৱাৰীঃ বিদেশী ন্যায়াধীকৰণৰ মেৰপেচত সোমাই তিনি বছৰৰ কাৰাদণ্ডৰ পিচত পুনৰ মুকলি আকাশৰ তললৈ সুখদেৱ ৰি নামৰ চাহ বাগিছাৰ এগৰাকী বাসিন্দা ৷ হাইলাকান্দি জিলাৰ বৰ্ণিব্ৰেছ চাহ বাগিছাৰ শ্ৰমিক সুখদেৱে একপক্ষীয় ৰায়দানৰ বলি হৈ 2016 চনৰ 24 জুনৰ পৰা কাৰাবন্দী হৈ আছিল ৷ লোকগৰাকীৰ বিৰুদ্ধে বিদেশী বুলি চলা গোচৰত তেওঁ ঘৰৰ সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হ'বলগীয়া হৈছিল ৷ এতিয়া তিনি বছৰৰ অন্তত মুকলি আকাশৰ তললৈ আহে সুখদেৱ ৰি নামৰ চাহ বাগিছাৰ বাসিন্দাগৰাকী ৷ উল্লেখ্য যে, ভাৰতীয় নাগৰিকৰ হ'বৰ বাবে থাকিবলগীয়া যাৱতীয় সকলো নথি-পত্ৰ থকাৰ পিচতো তিনিবছৰে কাৰবন্দী হৈ থাকিবলগীয়া সুখদেৱ আৰু তেওঁৰ পৰিয়ালে ক্ষোভ প্ৰকাশ কৰে ৷
তিনি বছৰৰ অন্তত মুকলি আকাশৰ তললৈ হাইলাকান্দিৰ সুখদেৱ - ভাৰতীয় নাগৰিক
হাইলাকান্দি জিলাৰ বৰ্ণিব্ৰেছ চাহ বাগিছাৰ শ্ৰমিক সুখদেৱে একপক্ষীয় ৰায়দানৰ বলি হৈ 2016 চনৰ 24 জুনৰ পৰা কাৰাবন্দী হৈ আছিল ৷ বিদেশী ন্যায়াধীকৰণৰ মেৰপেচত সোমাই তিনি বছৰৰ কাৰাদণ্ডৰ পিচত পুনৰ মুকলি আকাশৰ তললৈ সুখদেৱ ৰি নামৰ চাহ বাগিছাৰ এগৰাকী বাসিন্দা ৷
তিনি বছৰৰ অন্তত মুকলি আকাশৰ তললৈ হাইলাকান্দি সুখদেৱ