অসম

assam

ETV Bharat / state

গ্ৰাহকক লুণ্ঠনৰ অভিযোগ চৰকাৰী সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে

হাইলাকান্দি জিলাৰ মাটিজুৰি সমবায় সমিতিৰ একাংশ সুলভ মূল্যৰ দোকানীয়ে গ্ৰাহকক সামগ্ৰী বিতৰণৰ নামত দীৰ্ঘদিনৰ পৰা লুন্ঠন চলাই অহাৰ অভিযোগ উখাপন হৈছে ৷ সম্পাদকৰ সহযোগত দীৰ্ঘদিনৰ পৰা এই লুন্ঠন চলাই অহাৰ অভিযোগ উপভোক্তাৰ ৷

By

Published : May 1, 2020, 3:37 PM IST

RICE CORRUPTION
ভুক্তভোগী গ্ৰাহক

হাইলাকান্দি, 1 মে' : লক-ডাউনৰ মাজতে হাইলাকান্দিত সুলভ মূল্যৰ চাউল বিতৰণক কেন্দ্ৰ কৰি ব্যাপক দূৰ্নীতিৰ তথ্য পোঁহৰলৈ আহিছে ৷ হাইলাকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত মাটিজুৰি সমবায় সমিতিৰ সুলভ মূল্যৰ এজেণ্ট আতাউৰ ৰহমান চৌধুৰীয়ে দুখীয়া ৰাইজৰ মূৰত ৰামটাঙোন শোধাই দীৰ্ঘদিন পৰা গ্ৰাহকক চাউল বিতৰণৰ নামত লুন্ঠন চলাই অহাৰ অভিযোগ ভুক্তভোগীৰ ৷

ভুক্তভোগী গ্ৰাহক

আনকি হিতাধিকাৰী সকলৰ ৰেচন কাৰ্ড পৰিবৰ্তন কৰি নতুন ৰেচন কাৰ্ড দিয়াৰ কথা কৈ কাৰ্ড সমূহ নিজৰ কাষত ৰখাৰ অভিযোগ এজেণ্টৰ গৰাকীৰ বিৰুদ্ধে ৷ আনহাতে সমবায়খনৰ সম্পাদক আতিকোৰ ৰহমান নামৰ লোকজনো এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ গ্ৰাহকৰ ৷

লগতে পঢ়ক : আন্তঃৰাজ্যিক যাতায়াতৰ বাবে ছজনীয়া কমিটি গঠন অসম চৰকাৰৰ

ABOUT THE AUTHOR

...view details