হাইলাকান্দি,17 জুন: হাইলাকান্দি জিলাৰ কাটলিচৰাৰ বিলগাঁৱত নাই পকী দলং ৷ পানী আৰু বোকাৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হয় প্ৰায় ছয়খন গাঁৱৰ ৰাইজে ৷ অৱশেষত ভুক্তভোগী ৰাইজে নিজেই এখন বাঁহৰ দলং সাজি কোনোমতে আহ-যাহ কৰি আহিছে যদিও অৱশেষত ক্ষুব্ধ ৰাইজে পানী-বোকাৰ মাজত থিয় হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ ।
হাইলাকান্দিত বোকা-পানীত নামি ৰাইজৰ প্ৰতিবাদ - হাইলাকান্দি
পানী আৰু বোকাৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হয় ছয়খন গাঁৱৰ ৰাইজে ৷ অৱশেষত ভুক্তভোগী ৰাইজে নিজেই এখন বাঁহৰ দলং সাজি কোনোমতে আহ-যাহ কৰি আহিছে ৷ সেয়েহে অৱশেষত ক্ষুব্ধ ৰাইজে পানী-বোকাৰ মাজতেই থিয় হয় সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ ।
হাইলাকান্দিত বোকা-পানীত নামি ৰাইজৰ প্ৰতিবাদ
দীৰ্ঘদিনীয়া এই সমস্যাৰ কথা স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰকে ধৰি বিভিন্ন জনপ্ৰতিনিধিক বাৰং-বাৰ জনোৱা স্বত্বেও সমস্যাৰ একো সমাধান হোৱা নাই বুলি অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷ কেৱল এয়াই নহয়, পৰিৱৰ্তনৰ শ্ল'গান দিয়া চৰকাৰ ক্ষমতাত অহাৰ পাচত তেওঁলোকৰ জীৱনত একো পৰিৱৰ্তন অহা নাই বুলিও চৰকাৰক কটাক্ষ কৰে ভুক্তভোগী ৰাইজে ।