ডাম্পিং ইয়াৰ্ডকলৈ উত্তপ্ত হাইলাকান্দি - পৌৰসভা
হাইলাকান্দিৰ টেমপুৰ গাঁৱত ডাম্পিং ইয়াৰ্ডৰ দুৰ্গন্ধ ৷ ডাম্পিং ইয়াৰ্ডটো বিভিন্ন ৰোগৰ কাৰক বুলি উল্লেখ ৰাইজৰ ৷ আনহাতে, একাংশ লোকে নিজ ইচ্ছাত ঘৰ বনোৱাৰ অভিযোগ পৌৰসভাৰ সদস্যৰ ৷
হাইলাকান্দি, 19 জুলাই : হাইলাকান্দি পৌৰসভাৰ ডাম্পিং ইয়াৰ্ডক কেন্দ্ৰ কৰি সৃষ্টি টেমপুৰ গাঁৱত উত্তপ্ত পৰিস্থিতিৰ ৷ পৌৰসভাৰ জাৱৰ বহনকাৰী 5 খন বাহনক খেদি পঠিয়াই গাঁওবাসীয়ে ৷ ডাম্পিং ইয়াৰ্ডৰ দুৰ্গন্ধত ঘৰতে থাকিব নোৱাৰা পৰিস্থিতি উদ্ভৱ হোৱাৰ অভিযোগ গাঁওবাসীৰ ৷ পৌৰসভাই অতি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে এই অঞ্চলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা বুলি উল্লেখ কৰে ৰাইজে ৷ ইফালে, 1970 চনত সেই ভূমি ক্ৰয় কৰি ডাম্পিং ইয়াৰ্ড নিৰ্মাণ কৰা বুলি জনায় পৌৰসভা কৰ্তৃপক্ষই ৷ সেই সময়ত তাত কোনো জনবসতি নাছিল । পাচত একাংশ লোকে উক্ত স্থানত নিজ ইচ্ছাত ঘৰ নিৰ্মাণ কৰি বৰ্তমান এই পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে পৌৰসভাৰ ড্ৰাইভাৰ আৰু কৰ্মী এজনক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে পৌৰসভাৰ সদস্যসকলে । এতিয়া এই অভিযোগ প্ৰতি-অভিযোগৰ বাবে উত্তপ্ত হৈ পৰিছে হাইলাকান্দি ৷