অসম

assam

ETV Bharat / state

হাইলাকান্দিত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য - Parimal Suklabaidya

হাইলাকান্দিৰ এছ এছ ৰোডত শুকুৰবাৰে ৰাজপথত নামাজ পঢ়াক লৈ সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ । শনিবাৰে হাইলাকান্দিৰ পৰিস্থিতিৰ বুজ ল'বলৈ হাইলাকান্দিত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ।

হাইলাকান্দিত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

By

Published : May 11, 2019, 2:56 PM IST

হাইলাকান্দি, ১১ মে':হাইলাকান্দিৰ শেহতীয়া পৰিস্থিৰ বুজ ল'বলৈ শনিবাৰে চহৰখনত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য । হাইলাকান্দিত উপস্থিত হৈয়ে আৰক্ষীৰ গুলিত নিহত হোৱা জেচিম হুচেইনৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে স্থানীয় ৰাইজক শান্তি শৃংখলা বজায় ৰখাৰো আহ্বান জনায় মন্ত্ৰীজনে । ইয়াৰ পাচতেই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় শুক্লবৈদ্য ।

ইপিনে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে ফোনযোগে হাইলাকান্দিৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উল্লেখ্য যে, হাইলাকান্দিৰ জিলা উপায়ুক্তৰ নিৰ্দেশত হাইলাকান্দি জিলাত কালি নিশাৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে কাছাৰ আৰু কৰিমগঞ্জ জিলাতো বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা ।

হাইলাকান্দিত ৰাজপথত নামাজ পঢ়াক লৈ সৃষ্টি হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মেই আজি পুৱাতে অতিৰিক্ত আৰক্ষী সঞ্চালক মুকেশ আগৰৱাল হাইলাকান্দিত আহি উপস্থিত হয় । আনহাতে কোনো অপ্ৰীতিকৰ ঘটনা যাতে কোনো দুষ্কৃতিকাৰে সংঘটিত নকৰে তাৰ বাবে হাইলাকান্দি চহৰ তথা হাইলাকান্দি জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

শনিবাৰে পুৱা কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ জিলা উপায়ুক্তই এখন শান্তি কমিটিৰ সভাৰ আয়োজন কৰি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিশিষ্ট নাগৰিক সকলৰ সৈতে এক বৈঠকত মিলিত হয় । উল্লেখ্য যে, হাইলাকান্দিত সান্ধ্য আইন জাৰি থকাৰ বাবেই শান্তি সমন্বয় সভা বাতিল কৰা হয় হাইলাকান্দি জিলাত ।

ABOUT THE AUTHOR

...view details