অসম

assam

ETV Bharat / state

বহি:ৰাজ্যত অসমৰ যুৱকক নিৰ্যাতন

সামান্য কথাতে গুৰুতৰভাৱে প্ৰহাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰাৰ পিচত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ বেংগালুৰুত সুৰক্ষা কৰ্মীৰ কাম কৰা এই যুৱক দুজনক এজেন্সিৰ স্বত্বাধিকাৰ চেলিম খানে বেয়াকৈ প্ৰহাৰ কৰিছিল ৷

বহি:ৰাজ্যত অসমৰ যুৱকক নিৰ্যাতন

By

Published : Oct 17, 2019, 11:46 PM IST

কৰিমগঞ্জ,হাইলাকান্দি,17 অক্টোবৰঃ বেংগালুৰুত চাকৰি কৰিবলৈ গৈ নিৰ্যাতনৰ সন্মুখীন হ'ল অসমৰ যুৱক ৷ ঘটনা অনুসৰি বেংগালুৰুৰ এটা চিকিউৰিটি এজেন্সিত কৰ্মৰত হৈ থকা হাইলাকান্দি জিলাৰ আয়নাখলৰ অজয় ৰৱিদাস আৰু কাছাৰ জিলাৰ বৰখলাৰ এজন যুৱকক সামান্য কথাতে গুৰুতৰভাৱে প্ৰহাৰ কৰা ভিডিঅ' ছ'চিয়েল মিডিয়াৰ যোগে ভাইৰেল হৈ পৰাৰ পিচত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷ বেংগালুৰুত সুৰক্ষা কৰ্মীৰ কাম কৰা এই যুৱক দুজনক এজেন্সিৰ স্বত্বাধিকাৰ চেলিম খানে বেয়াকৈ প্ৰহাৰ কৰিছিল ৷ এটা ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ ভিতৰত কৰ্মীসকলক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিচতে এই সমগ্ৰ ঘটনা ভাইৰেল হৈ পৰে ৷ ইফালে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱক দুজনৰ পৰিয়ালৰ লোকে ৷

নিৰ্যাতিত যুৱক
ইফালে বহি: ৰাজ্যত নিৰ্যাতনৰ বলি হোৱা হাইলাকান্দিৰ আয়নাখলৰ অজয় ৰৱিদাস আৰু কাছাৰ জিলাৰ বৰখলাৰ এজন যুৱকৰ এই ঘটনাৰ পিচতে এজেন্সিৰ স্বত্বাধিকাৰী চেলিম খানৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হৈছে। বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজেন্সিৰ গৰাকী চেলিম খানক। উল্লেখ্য যে অভিযুক্ত চেলিম খানৰ ঘৰ কৰিমগঞ্জৰ ইচাবিলত
বহি:ৰাজ্যত অসমৰ যুৱকক নিৰ্যাতন
উল্লেখযোগ্য যে অসমত নিবনুৱা সমস্যাৰ বাবে ৰাজ্যৰ পৰা বহি: ৰাজ্যলৈ বহু যুৱক চাকৰি কৰিবলৈ গৈ নিৰ্যাতনৰ বলি হোৱা ঘটনা এয়েই প্ৰথম নহয় ৷ সম্প্ৰতি বেংগালুৰুত সংঘটিত এই ঘটনাই ৰাজ্য জুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

...view details