হাইলাকান্দি, 2 জুলাই:কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ বলি হ’ল হাইলাকান্দি আৰক্ষী । বুধবাৰে হাইলাকান্দিত কৰ’ণা আক্ৰান্ত হয় এগৰাকী আৰক্ষী হাবিলদাৰ । কৰ’ণা পজিটিভ ধৰা পৰিছে হাইলাকান্দি সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ হাবিলদাৰ আছমত আলী । আক্ৰান্ত হাবিলদাৰ জনক পিচত হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।
হাইলাকান্দিত কৰ’ণাত আক্ৰান্ত আৰক্ষী হাবিলদাৰ আনহাতে হাবিলদাৰ গৰাকীৰ সংস্পৰ্শত অহা আন 10 গৰাকী আৰক্ষী জোৱানকো কোৱাৰেণ্টাইন কৰা হৈছে । ইয়াৰ পিছতে সদৰ থানাৰ টাউন ব্ৰাঞ্চ ছীল কৰি দিয়াৰ লগতে গোটেই থানাখন ছেনিটাইশ্বেজন কৰে আৰক্ষীয়ে ।
ইপিনে, হাবিলদাৰ আছমত আলী হাইলাকান্দি চহৰত মাৰোয়াৰি পট্টিৰ পুৰণি বাজাৰ মছজিদৰ এটা কক্ষত ভাৰাতীয়া হিচাপে থাকি কৰ্মসম্পাদনা কৰি আছিল । যাৰ বাবে জিলা প্ৰশাসনে মছজিদ আৰু তাৰ কাষত থকা 10 টা ব্যৱসায়ীক প্ৰতিষ্ঠানো বৰ্তমানে ছীল কৰিছে ।
উল্লেখ্য যে, হাইলাকান্দি জিলাত ট্ৰেভেল হিষ্ট্ৰি নথকা এইজন দ্বিতীয় কৰ’ণা পজিটিভ, ইয়াৰ আগতেও ট্ৰেভেল হিষ্ট্ৰি নথকা এগৰাকী নাৰ্ছ কৰ’ণা পজিটিভ পোৱা গৈছিল হাইলাকান্দিত ।
লগতে চাওকঃ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি