অসম

assam

ETV Bharat / state

২০ কোাটি টকা কেলেংকাৰীৰ ফোন কল ভাইৰেল : উত্তপ্ত দল-সংগঠন - হাইলাকান্দিত সংঘটিত ২০ কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী

বেংক কৰ্মচাৰী বাচিদ আহমদ বড়ভূঞাৰ সহযোগত দুই কংগ্ৰেছ কৰ্মীয়ে ১ কোটি ৬০ লাখ টকা আত্মসাৎ কৰাৰ কথা উল্লেখ আছে ফোন কলত। ইয়াৰোপৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী প্ৰধানক ৪ লাখ টকা দিয়াৰ কথাও উল্লেখ কৰিছে দুই কংগ্ৰেছ নেতাই ।

HAILAKANDI
হাইলাকান্দি

By

Published : Jun 15, 2020, 3:20 PM IST

Updated : Jun 15, 2020, 4:01 PM IST

হাইলাকান্দি, 15 জুন :হাইলাকান্দিত সংঘটিত ২০ কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ লগত জড়িত ন ন তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে, ২০ কোটি টকীয়া সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰী সন্দৰ্ভত দুই ব্যক্তিৰ মাজত ফৌনিক বাৰ্তালাপ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ফোন কল ৰেকৰ্ডিঙৰ তথ্য অনুসৰী এই আৰ্থিক কেলেংকাৰীত হাইলাকান্দিৰ দুগৰাকী কংগ্ৰেছ নেতা বাবু লস্কৰ আৰু জাহান আহমদ জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে ।

২০ কোাটি টকা কেলেংকাৰীৰ ফোন কল ভাইৰেল

লগতে বেংক কৰ্মচাৰী বাচিদ আহমদ বড়ভূঞাৰ সহযোগত দুই কংগ্ৰেছ কৰ্মীয়ে ১ কোটি ৬০ লাখ টকা আত্মসাৎ কৰাৰ কথা স্পষ্ট হৈ আছে ফোন কলত। ইয়াৰোপৰি হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী প্ৰধানক ৪ লাখ টকা দিয়াৰ কথাও উল্লেখ কৰিছে দুই কংগ্ৰেছ নেতাই । আনহাতে ফোন কল ভাইৰেলক কেন্দ্ৰ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে হাইলাকান্দি সদৰ থানাত এক গোচৰ ৰুজু কৰি ইয়াৰ তদন্ত খৰতকীয়া কৰাৰ দাবী উত্থাপন কৰিছে।

হাইলাকান্দি
লগতে পঢ়কঃ শিক্ষা বিভাগৰ কোটি টকীয়া কেলেংকাৰী:গোচৰ ৰুজু
Last Updated : Jun 15, 2020, 4:01 PM IST

ABOUT THE AUTHOR

...view details