অসম

assam

By

Published : Nov 12, 2019, 5:42 PM IST

ETV Bharat / state

প্ৰকৃতাৰ্থত বশ কৰা হ'ল নে লাডেনক, বনমন্ত্ৰীৰ বিপৰীত ভাষ্য

বিধায়ক পদ্ম হাজৰিকাই বশ কৰাটো হাতীটো লাডেন নহয় ৷ হাইলাকান্দিত এই মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

বনমন্ত্ৰীৰ বিপৰীত ভাষ্য

হাইলাকান্দি, 12 নৱেম্বৰঃসোমবাৰে চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত বশ কৰা হৈছিল লাডেনক ৷ বিগত 29 অক্টোবৰত 5 জনকৈ লোকক প্ৰাণে মৰাৰ পাচত লাডেনৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাইছিল গোৱালপাৰাবাসী ৰাইজে ৷ ইয়াৰ পাচতেই চতীয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৰামু নামৰ হাতীটোৰ সহযোগত সোমবাৰে গোৱালপাৰাৰ কন্যাকুচি বনাঞ্চলত এক অভিযান আৰম্ভ কৰে ৷ অভিযানৰ প্ৰায় এক ঘন্টাৰ ভিতৰত বশ কৰিবলৈ সক্ষম হয় লাডেনক ৷

বনমন্ত্ৰীৰ ভাষ্য

ইয়াৰ পাচতেই সোমবাৰে হাইলাকান্দি পৌৰসভাৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি লাডেন সন্দৰ্ভত বিপৰীত ভাষ্য আগবঢ়ায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ তেওঁ কয় যে, সোমবাৰে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বন বিভাগে যি অভিযান চলালে তাত 5 গৰাকী নিৰীহ মানুহক হত্যা কৰা লাডেনক বশ কৰা হোৱা নাই ৷ বহুদিন পূৰ্বেই লাডেনৰ মৃত্যু হৈছে ৷ বশ হোৱা হাতীটো মস্তিকৰ বিকাৰ হোৱাত অঞ্চলটোত উপদ্ৰৱ চলাইছিল বুলিও জনায় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ সম্প্ৰতি বনবিভাগে নিজৰ জিন্মাত ৰাখিছে হাতীটোক অতিশীঘ্ৰে কোনো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হ'ব হাতীটোক ৷

হালাকান্দিত পৌৰসভাৰ উদ্যোগত নগৰ জীৱিকা কেন্দ্ৰ উদ্বোধন বনমন্ত্ৰীৰ

লগতে পঢ়কঃ কেনে আছে শোণিতপুৰৰ লাডেন ?

উল্লেখ্য যে,সোমবাৰে হাইলাকান্দিত পৌৰসভাৰ উদ্যোগত নগৰ জীৱিকা কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে এটা এপ' মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ এপটোৰ জৰিয়তে যিকোনো লোকে ক্ৰয় কৰিব পাৰিব সামগ্ৰী ৷ উদ্বোধনী অনুষ্ঠানৰ পাচতেই মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটৰ কৰ্মীৰ সকলৰ মাজত মিঠাই বিতৰণ কৰে ৷

ABOUT THE AUTHOR

...view details