হাইলাকান্দি,3 এপ্ৰিলঃখোৱা পানী ন'হলে ভোট বৰ্জনৰ হুংকাৰ হাইলাকান্দি জিলাত ৷ নটা বছৰেও সম্পূৰ্ণ নহ'ল পানী যোগান আঁচনি ৷ জল নিষ্কাষণ ব্যৱস্থাৰ অভাৱত সামান্য বৰষুণতে ডুব যায় সমগ্ৰ অঞ্চল।
নাই বিশুদ্ধ খোৱা পানী , ভোট বৰ্জনৰ ভাবুকি ৰাইজৰ - জল নিষ্কাষণ
সামান্য সা-সুবিধাৰ পৰা বঞ্চিত হৈ অৱশেষত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ হাইলাকান্দি জিলাৰ লালা চহৰ অঞ্চলবাসীৰ। বিশুদ্ধ খোৱা পানী,জল নিষ্কাষণৰ ব্যৱস্থাৰ অভাৱত জীয়াতু ভুগিছে ৰাইজে ।
BOYCOTT ELECTION
হাইলাকান্দি জিলাৰ লালা চহৰৰ মাজমজিয়াত ন্যূনতম সা-সুবিধাৰ পৰা বঞ্চিত ৰাইজ ৷ 2010 চনত খোৱা পানীৰ যোগান ব্যৱস্থা নিৰ্মাণ কৰা হৈছিল যদিও ন বছৰেও সম্পূৰ্ণ নহ'ল আঁচনিখন ৷ ইয়াৰোপৰি 4, 5 আৰু 6 নং ৱাৰ্ডত নাই কোনো জল নিষ্কাষণৰ ব্যৱস্থা ৷ ফলত সামান্য বৰষুণতে ডুব যায় সমগ্ৰ অঞ্চল ৷ নিৰ্বাচন ফলাফল ঘোষণাৰ পাচৰে পৰা ৰাইজে দেখা নাই সাংসদ ৰাধেশ্যাম বিশ্বাসৰ চেহেৰা ৷ বছৰ বছৰ ধৰি চলি অহা বঞ্চনাৰ প্ৰতিবাদত অৱশেষত লোকসভা নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত ল'লে ভুক্তভোগী ৰাইজে ৷