হাইলাকান্দি, ২২ ফেব্ৰুৱাৰীঃ হাইলাকান্দিত শক্তি বিভাগৰ আজব কাণ্ড। এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীলৈ শক্তি বিভাগে প্ৰেৰণ কৰিলে ১০ লাখৰো অধিক টকাৰ বিদ্যুৎ মাছুল। বিদ্যুত বিভাগৰ এই আজব কাণ্ডই এতিয়া বিপাঙত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ী গৰাকীক।
হাইলাকান্দিত শক্তি বিভাগৰ চৰম কাণ্ড - etv bharat
বিদ্যুতৰ মূল্যই তধামধা দেখুৱালে ক্ষুদ্ৰ ব্যৱসায়ীক
etv bharat assam
ঘটনা সন্দৰ্ভত জানিব পৰা মতে মাত্ৰ এমাহ বিদ্যুত ব্যৱহাৰ কৰাৰ বাবদ হাইলাকান্দি জিলাৰ পাচগ্ৰাম কল'নিৰ বাসিন্দা নিমাই দাসলৈ শক্তি বিভাগে প্ৰেৰণ কৰে এখন অবিশ্ৱেস্য বিদ্যুতৰ মাছুল। ১০ লাখ ৭ হাজাৰ ৩২১ টকাৰ এই মাহৰ মাছুল খন হাতত লৈ এক প্ৰকাৰৰ অসুস্থ হৈ পৰে নিমাই দাস। বিগত মাহত ঘৰত কেৱল দুটা লাইট আৰু এটা টিভিৰ বাবদ অহা ধনৰাশিৰ বাবে চৰম অশান্তিৰ মাজত দিন কটাইছে এই ব্যক্তি গৰাকীয়ে। ইপিনে, আগতেও পাচগ্ৰামত এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।