অসম

assam

ETV Bharat / state

হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ !

হাইলাকান্দি চহৰৰ ৰাজধানী মেডিকেল হল'ৰ পৰা শনিবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় ঔষধখিনি ।

By

Published : Jun 23, 2019, 12:22 PM IST

হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ !

হাইলাকান্দি,২৩ জুনঃ শনিবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ । আৰক্ষীয়ে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালৰ কাষত থকা ৰাজধানী মেডিকেল হল নামৰ এখন ফাৰ্মাচীৰ পৰা জব্দ কৰে এই নিচাজাতীয় ঔষধখিনি । ফাৰ্মাচীখনৰ পৰা জব্দ হয় মুঠ ৩৮৬ টা নিচাজাতীয় ঔষধৰ বটল । যাৰ বজাৰ মূল্য প্ৰায় ৩৫ হাজাৰ টকা । লগতে আৰক্ষীয়ে আটক কৰে ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী চৈয়দ আহমদ বৰভূঞাক । ইফালে পূৰ্বৰে পৰাই এইখন ফাৰ্মাচীত অবৈধ ভাৱে ড্ৰাগছৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

হাইলাকান্দিত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ !

ABOUT THE AUTHOR

...view details