অসম

assam

By

Published : Mar 4, 2019, 11:53 PM IST

ETV Bharat / state

স্বাধীনতাৰ সাত দশক পাছত নিৰ্মাণ হ'ব এখন দলং

স্বাধীনতাৰ সাত দশক পাছত হাইলাকান্দিৰ কাবুলিনালা অঞ্চলত নিৰ্মাণ হ'ব এখন দলং । কাটলিছড়া অঞ্চলৰ বিধায়ক এ আই ইউ ডি এফৰ সুজাম উদ্দিন লস্কৰৰ প্ৰচেষ্টাত দলং খনৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'ব ।

FOUNDATION STONE

হাইলাকান্দি, ৪ মাৰ্চ: দেশ স্বাধীন হোৱাৰ সাতটা দশক পিছত দক্ষিণ হাইলাকান্দিৰ কাবুলিনালা অঞ্চলত নিৰ্মাণৰ কাম হাতত লোৱা হৈছে এখন দলঙৰ । কাটলিছড়া অঞ্চলৰ বিধায়ক এ আই ইউ ডি এফৰ সুজাম উদ্দিন লস্কৰৰ প্ৰচেষ্টাত চৰকাৰৰ ছিগনেচাৰ আঁচনিৰ অধীনত কাবুলিনালা অঞ্চলত আজি দলং খনৰ নিৰ্মাণৰ বাবে শিলান্যাস কৰা হয় । স্বাধীনতাৰ সাতটা দশক পিছতহে এখন দলং লাভৰ আশাই এতিয়া অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে ।

FOUNDATION STONE

উল্লেখ্য যে, যোৱা ৩০ বছৰ ধৰি এই অঞ্চলৰ প্ৰতিনিধিত্ব কৰি আহিছিল বৰাকৰ ৰজা হিচাপে পৰিচিত কংগ্ৰেছ নেতা গৌতম ৰায়ে । কিন্তু ৰাইজৰ অভিযোগ যে কংগ্ৰেছ নেতাজনে অঞ্চলটোত কোনো ধৰণৰ উন্নয়ন নকৰিলে ।

ABOUT THE AUTHOR

...view details