হাইলাকান্দি, 15 জুলাই: বিগত তিনিদিন ধৰি অব্যাহত আছে হাইলাকান্দিত বানৰ তাণ্ডব । কাটাখাল আৰু ধলেশ্বৰী নৈৰ বাঢ়নী পানীয়ে ছিঙাইছে কেইবাটাও মথাউৰি ৷ ফলত প্লাবিত হৈছে হাইলাকান্দিৰ বিস্তীৰ্ণ অঞ্চল ৷ ঘন্টাই প্ৰতি বাঢ়িছে কাটাখাল আৰু ধলেশ্বৰী নৈৰ জলপৃষ্ঠ । যাৰ বাবে ঘৰ-বাৰী এৰি পথত আশ্ৰয় লৈছে বানাক্ৰান্ত লোকসকলে ৷
হাইলাকান্দিত গুজৰি-গমৰি আহিছে বান - ধলেশ্বৰী
বন্ধ হৈ পৰিছে হাইলকান্দি আৰু শিলচৰৰ যোগাযোগৰ পথ ৷ মুষলধাৰ বৰষুণ অব্যাহত থাকিলে হাইলাকান্দিৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷
হাইলাকান্দিত অব্যাহত আছে বানৰ তাণ্ডব
পিছে ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি কাণসাৰ নাই জিলা প্ৰাসাশন তথা জনপ্ৰতিনিধিৰ । হাইলাকান্দিত এতিয়ালৈকে চৰকাৰীভাৱে খোলা হোৱা নাই এটাও আশ্ৰয় শিবিৰ যাৰবাবে দুৰ্ভোগ ভুগিব লগা হৈছে বানাক্ৰান্ত লোকসকলে । ইপিনে বন্ধ হৈ পৰিছে হাইলকান্দি আৰু শিলচৰৰ যোগাযোগৰ পথ ৷ মুষলধাৰ বৰষুণ অব্যাহত থাকিলে হাইলাকান্দিৰ বান পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷