সাংবাদিকক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী কনিষ্টবল - ৰাজেশ শুক্লবৈদ্য
সাংবাদিকক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ অভিযোগ অনুসৰি এই ঘটনাৰ পাচতেই হাইলাকান্দি সদৰ থানাত সাংবাদিকজনৰ বিৰুদ্ধে ৰুজু কৰা হ'ল মিছা গোচৰ ৷
হাইলাকান্দি, 26 জুলাই : হাইলাকান্দি সদৰ থানাত সাংবাদিকৰ বিৰুদ্ধে মিছা গোচৰ ৰুজু ৷ কনিষ্টবল ৰাজেশ শুক্লবৈদ্যৰ বিৰুদ্ধে এই অভিযোগ ৷ দেওবাৰে নিশা সাংবাদিক ৰাজেশ দাসক প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হৈছিল কনিষ্টবল ৰাজেশ শুক্লবৈদ্য ৷ পাচত ৰহস্যজনকভাৱে সাংবাদিক ৰাজেশ দাসে কনিষ্টবলগৰাকীক নিশা চৰকাৰী কৰ্ম সম্পাদনত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি হাইলাকান্দি সদৰ থানাত এটা গোচৰ ৰজু কৰে আৰক্ষী কনিষ্টবল ৰাজেশ শুক্লবৈদ্যই ।উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত উক্ত স্থানত উপস্থিত আছিল ছয় জনকৈ চি আৰ পি এফ জোৱান ৷ আনহাতে আহত ৰাজেশ দাস বৰ্তমানেও চিকিৎসাধীন অবস্থাত আছে । লাঠিৰ আঘাতৰ বাবে তেওঁৰ বাঁও-কানখন সম্পূৰ্ণ ৰূপে ঘূণীয়া হয় । অৱশ্যে, আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ সঠিক তথ্য ৷