অসম

assam

ETV Bharat / state

ৰূপজ্যোতি কুৰ্মীৰ নিৰ্বাচনৰ প্ৰধান ইছ্যু 'কমলা পছন্দ ! - হাইলাকান্দি

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তত তুংগত উঠিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ । দলীয় প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ শুকুৰবাৰে প্ৰচাৰৰ বাবে হাইলাকান্দিত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মী।

নিৰ্বাচনী প্ৰচাৰত ৰূপজ্যোতি কুৰ্মী

By

Published : Apr 12, 2019, 4:58 PM IST

হাইলাকান্দি,12 এপ্ৰিল: এইবাৰৰ নিৰ্বাচনত প্ৰধান ইচ্ছ্যু কি? আপুনি যদি ভাবিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, তেন্তে আপুনি ভূল ভাবিছে । কাৰণ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাবে এইবাৰৰ প্ৰধান ইছ্যু 'কমলা পছন্দ' পান মছলা । কিছুদিন আগতে কমলা পছন্দৰ মূল্যবৃদ্ধিৰ বাবে বিজেপিৰ বিৰুদ্ধে সৰব হৈছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । তাৰ পাচতে শুকুৰবাৰে কমল‍া পছন্দ খোৱাৰ বাবে এগৰাকী প্ৰাৰ্থীক ভোট নিদিয়াৰ আহ্বান জনাই ৰূপজ্যোতিয়ে । শুকুৰবাৰে কৰিমগঞ্জ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ হৈ হাইলাকান্দিত প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰা আৰু মৰিয়নিৰ বিধায়ক কুৰ্মীয়ে ।

হাইলাকান্দিত উপস্থিত হৈয়ে ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লাহক সমালোচনা কৰি কৃপানাথ মল্লাহে কমলা পছন্দ আৰু পান খোৱাৰ বাবে বিধানসভাত কথা ক'ব নোৱাৰে বুলি অভিযোগ তুলি তেওঁক ভোট দিয়াৰ পৰা সকলোকে বিৰত থকাৰ অহ্বান জনায় ৷ ইপিনে কৃপানাথৰ পৰিৱৰ্তে পান-তামোল নোখোৱা কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসক ভোট দিয়াৰ বাবে আহ্বান জনায় । আনহাতে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰায়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত কংগ্ৰেছে 5 খন আসনৰ ভিতৰত তিনিখন আসন লাভ কৰিব বুলি মন্তব্য কৰে ।

হাইলাকান্দিত কংগ্ৰেছৰ প্ৰচাৰ সভা

ABOUT THE AUTHOR

...view details