অসম

assam

By

Published : Oct 12, 2020, 7:20 PM IST

ETV Bharat / state

কাগজকল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ

হাইলাকান্দিৰ পাঁচগ্রামৰ কাছাৰ কাগজকলত ধৰ্ণা কার্যসূচী ৰূপায়ণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ কাগজকল বন্ধ হোৱাৰ বাবে বিজেপিক দোষী সাব্যস্ত কংগ্ৰেছৰ ৷

Congress protest
কংগ্ৰেছৰ প্ৰতিবাদ

হাইলাকান্দি,12 অক্টোবৰ: সোমবাৰে হাইলাকান্দিৰ পাঁচগ্রামৰ কাছাৰ কাগজকলত কংগ্ৰেছৰ ধৰ্ণা কার্যসূচীত অংশগ্ৰহণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷ কাছাৰ কাগজকলটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কংগ্রেছৰ কেইবা গৰাকী সাংসদ,বিধায়ক আৰু নেতাৰ সৈতে কাগজকলৰ সন্মুখত তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সভাপতি ৰিপুণ বৰাই ৷

কংগ্ৰেছৰ প্ৰতিবাদ

অসমত কংগ্ৰেছ ক্ষমতালৈ আহিলে পাঁচগ্রাম আৰু জাগীৰোড কাগজকল দুটা আকৌ মুকলি কৰা হ’ব বুলি প্ৰতিবাদত অংশ লৈ সভাপতি ৰিপুণ বৰাই এই কথা ঘোষণা কৰে ৷ লগতে কাগজকল বন্ধ হোৱাৰ বাবে বিজেপিক জগৰীয়া কৰে কংগ্ৰেছে ৷

লগতে পঢ়ক:বৰপেটাত চিকিৎসালয়ৰ দ্বিতীয় মহলাৰ পৰা পৰি মৃত্যু ৰোগীৰ

ABOUT THE AUTHOR

...view details