অসম

assam

গৌতম ৰয়ৰ নিলম্বনঃ 'কংগ্ৰেছ ভৱন' ক 'গৌতম ভৱন' কৰি দিয়াৰ হুংকাৰ

By

Published : Jun 21, 2019, 4:44 PM IST

প্ৰাক্তনমন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছৰ পৰা নিলম্বনৰ বিৰোধিতাৰে হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ । দাহ কৰিলে ৰিপুন বৰা,তৰুণ গগৈ আৰু হৰিশ ৰাৱাটৰ পুত্তলিকা ।

হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদৰ জোৱাৰ


হাইলাকান্দি,২১ জুনঃ হাইলাকান্দিত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ । প্ৰাক্তনমন্ত্ৰী গৌতম ৰয়ক কংগ্ৰেছৰ পৰা নিলম্বন কৰাৰ পাছতেই প্ৰতিবাদমুখৰ হৈ পৰে হাইলাকান্দিৰ কংগ্ৰেছ কৰ্মীসকল । হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত তল‍া ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হৰিশ ৰাৱাটৰো পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী সকলে ।

হাইলাকান্দিত কংগ্ৰেছৰ প্ৰতিবাদৰ জোৱাৰ

উল্লেখ্য যে,দল বিৰোধী কামৰ অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ক । কিন্তু গৌতম ৰয়ৰ এই নিলম্বনক মানি ল'ব পৰা নাই হাইলাকান্দিৰ কংগ্ৰেছ কৰ্মী সকলে । নিলম্বন প্ৰত্যাহাৰৰ বাবে প্ৰদেশ কংগ্ৰেছক এসপ্তাহৰ সময়সীমা বান্ধি দিছিল গৌতম ৰয়ৰ সমৰ্থক সকলে । ইয়াৰ পাছতো,প্ৰদেশ কংগ্ৰেছৰ সিদ্ধান্ত সলনি নকৰাৰা বাবে শুকুৰবাৰে হাইলাকান্দিৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত তলা ওলমাই দিয়ে গৌতম ৰয়ৰ সমৰ্থক সকলে । ইয়াৰোপৰি, অনাগত দিনত কৰ্মীসকলে কংগ্ৰেছৰ পৰা ইস্তফা দি 'কংগ্ৰেছ ভৱন' ক 'গৌতম ভৱন' কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে হাইলাকান্দিৰ কংগ্ৰেছকৰ্মী সকলে ।

ABOUT THE AUTHOR

...view details