হাইলাকান্দি, ২০ জুন: নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে হাইলাকান্দিত আৰক্ষীৰ সজাগতা অভিযান । ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা নিচাযুক্ত দ্ৰব্যৰ পৰা লোকসকলক মুক্ত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে হাইলাকান্দিৰ কাটলিছৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে । উল্লেখ্য যে, ২৬ জুনৰ আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ প্ৰচাৰ দিৱসৰ (international Drug Abuse day & Illicit Trafficking) লগত সংগতি ৰাখি এই সজাগতা অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰে আৰক্ষী বিষয়াসকলে ।
ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ সজাগতা অভিযান - সজাগতা সভা
অঞ্চলটো ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে কাটলিছৰা আৰক্ষী বিষয়াসকলে ১৮ জুনৰ পৰা আৰম্ভ কৰে এই সজাগতা অভিযান । আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ প্ৰচাৰ দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী বিষয়া সকলে হাতত লয় এই পদক্ষেপ ।
etv bharat
যোৱা ১৮ জুনৰ পৰাই কাটলিছৰা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইদৰে অভিযান চলাই আছে । অভিযানৰ জৰিয়তে উঠি অহা প্ৰজন্মৰ লগতে, অভিভাৱক সকলকো সজাগ কৰাৰ চেষ্টা কৰে বিষয়াসকলে । ইয়াৰোপৰিও, ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হ'বলৈ উচ্চ শিক্ষা আৰু খেল-ধেমালীৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো সকলোৰে লগত আলোচনা কৰে আৰক্ষী বিষয়াসকলে । আৰক্ষী বিষয়াসকলে এনেদৰে সামাজিক ব্যাধিৰ পৰা সমাজখনক মুক্ত কৰিবলৈ হাতত লোৱা পদক্ষেপক প্ৰশংসা জনায় স্থানীয় লোকসকলে ।