অসম

assam

ETV Bharat / state

মজুৰি বিচৰাৰ বাবেই বন্দুকেৰে চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ

বন্দুকেৰে চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ ৷ প্ৰাপ্য ধন বিচৰাৰ বাবেই প্ৰহাৰ চাহ শ্ৰমিকক ৷ গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ ।

চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ

By

Published : May 31, 2019, 11:29 AM IST

হাইলাকান্দি, 31 মে' : চাহ শ্ৰমিকক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হ'ল হাইলাকান্দি জিলা বিজেপিৰ সহ-সভাপতি আৰু জিলা চাহ শ্ৰমিক উন্নয়ন বোৰ্ডৰ সভাপতি ৰাধেশ্যাম কৈৰীৰ পুত্ৰ সত্যজিৎ কৈৰী । হাইলাকান্দি জিলাৰ গাগলাছেড়া চাহ বাগিচাৰ শ্ৰমিকসকলে বিগত ২ সপ্তাহৰ পৰা পোৱা নাই নিজ নিজ দৰমহা । বিভিন্ন অজুহাত দেখুৱাই বাগিচাৰ প্ৰৱন্ধকে প্ৰদান কৰা নাই সপ্তাহিক মজুৰি । শুকুৰবাৰেও সপ্তাহিক মজুৰি প্ৰদানৰ দিন আছিল যদিও মজুৰি দিয়াৰ পৰিৱৰ্তে প্ৰবন্ধকে CSPত টকা নথকাৰ অজুহাত দিয়াত প্ৰাপ্য ধন বিচাৰি শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ

শ্ৰমিকৰ এই প্ৰতিবাদ বন্ধ কৰাৰ উদ্দেশ্যে বাগিচাৰ প্ৰৱন্ধকে আশ্ৰয় লয় চাহ শ্ৰমিক উন্নয়ন ব'ৰ্ডৰ সভাপতি আৰু বিজেপি নেতা ৰাধেশ্যাম কৈৰী আৰু তেওঁৰ পুত্ৰ সত্যজিৎ কৈৰীৰ । কিন্তু শ্ৰমিকসকলে ৰাধেশ্যাম কৈৰীৰ কথাত সন্তুষ্ট নহোৱাত তেওঁৰ পুত্ৰ সত্যজিৎ কৈৰীয়ে হাতত লোৰ ৰ'ড আৰু বন্দুক লৈ আক্ৰমণ চলায় শ্ৰমিকসকলৰ ওপৰত । সত্যজিতৰ এই আক্ৰমণত আহত হয় সৰজু নুনিয়া নামৰ এগৰাকী শ্ৰমিক । পাচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সত্যজিৎ কৈৰীক গ্ৰেপ্তাৰ কৰে ।

আকৌ পঢ়ক - বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

...view details