হাইলাকান্দি, ২২জুনঃ হাইলাকান্দিৰ কিল্লাৰবাক গাৱঁত বিদ্যুৎস্পৃষ্টহৈ ছাত্ৰৰ কৰুণ মৃত্যু । নিহত ছাত্ৰ জনৰ নাম ছইফ উদ্দিন ।
হাইলাকান্দিত বিদ্যুৎস্পৃষ্টহৈ ছাত্ৰৰ মৃত্যু - বিদ্যুৎস্পৃষ্ট
ছাত্ৰ জনৰ মৃত্যুৰ বাবে বিদ্যুৎ বিভাগকে জগৰীয়া কৰিছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।
দক্ষিণ হাইলাকান্দিত বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলত মৃত্যু হ'ল এগৰাকী স্কুলীয়া ছাত্ৰৰ । ৬২৭ নম্বৰ কিল্লাৰবাক প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছইফ উদ্দিনে বিদ্যালয় ছুটিৰ পিছত নিজ ঘৰলৈ উভতি যোৱাৰ সময়ত বিদ্যুৎৰ এডাল ছিগা তাঁৰত বিদ্যুৎস্পৃষ্টহৈ থিতাতেই মৃত্যু বৰন কৰে । স্থানীয় ৰাইজ উপস্থিত হৈ উক্ত ঘটনাটি আৰক্ষীক অৱগত । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ প্ৰেৰন কৰে । উক্ত ঘটনাক কেন্দ্ৰ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে । বিদ্যুৎ বিভাগৰ চৰম অৱহেলাতেই ছাত্ৰ জনে প্ৰাণ হেৰুৱাব লগীয়া ঘটনাক তীব্ৰ গৰিহণা দিছে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে ।
লগতে আন এটা বাতৰি- সুৰাৰ বাবেই সৰ্বস্বান্তঃ জংঘলেই এতিয়া একমাত্ৰ আশ্ৰয়