হাইলাকান্দি, 2 জানুৱাৰীঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালকৈ বৰাকতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ । বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত উত্তাল হৈ পৰে হাইলাকান্দিৰ ৰাজপথ । বিয়লি ২ বজাৰ পৰা হাইলাকান্দি আলগাপুৰ বজাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে ৷
চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হাইলাকান্দিৰ ৰাজপথ - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰে উত্তাল হাইলাকান্দিৰ আলগাপুৰ বজাৰ ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেত্বত অনুষ্ঠিত হয় বৃহৎ প্ৰতিবাদী সভা ৷
চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হাইলাকান্দিৰ ৰাজপথ
আনহাতে, বিগত কিছুদিন ধৰি বিজেপি চৰকাৰে বিভিন্ন জিলাত যি শান্তি সমদল বাহিৰ কৰে এই সমদল নাটক আখ্যা দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ কয়লা, সাৰ আৰু চুপাৰী ছিণ্ডিকেটৰ টকা শান্তি সমদলত খৰচ কৰিছে বুলিও মত প্ৰকাশ কৰে পৰিষদে ৷
আৰু পঢ়কঃ গোগামুখত গণবিক্ষোভৰ সমান্তৰালভাৱে মন্ত্ৰী হিমন্তৰ সভা