হাইলাকান্দি, 7 জুলাই : চৰকাৰী নিৰ্দেশ ভংগ কৰাৰ বাবে হাইলাকান্দিত বন্ধ কৰি দিয়া হৈছে ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । মংগলবাৰে হাইলাকান্দিৰ চক্ৰ বিষয়া ত্ৰিদীপ ৰয়ে পৌৰসভাৰ কৰ্মী সকলক লগত লৈ চহৰ খনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় ৷ অভিযানত ৮ খন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰে চক্ৰ বিষয়াগৰাকীয়ে ।
চৰকাৰী নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হাইলাকান্দি জিলা প্ৰশাসন - চক্ৰ বিষয়া
হাইলাকান্দিৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব নমনাকৈ দোকান চলাইছিল ৷ চৰকাৰী নিৰ্দেশ ভংগ কৰাৰ বাবে হাইলাকান্দিত বন্ধ কৰি দিয়া হৈছে ৮ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ।
উল্লেখ্য যে, হাইলাকান্দিৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক সকলে মাস্ক পৰিধান নকৰাকৈ আৰু সামাজিক দূৰত্ব নমনাকৈ দোকান চলাইছিল আৰু এই অভিযোগৰ ভিত্তিত চক্ৰ বিষয়া উপস্থিত হৈ প্ৰত্যক্ষ কৰে ৷ পাচত ৩ দিনৰ বাবে এই ৮ খন ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিয়ে । এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত আছে পাণ দোকান, ঔষধৰ দোকান, জোতা-চেণ্ডেলৰ দোকানৰ লগতে আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান। লগতে চক্ৰ বিষয়া ত্ৰিদীপ ৰয়ে জনায় যে চৰকাৰী নিৰ্দেশ অমান্য কৰাৰ ভাবে প্ৰথমতে ৩ দিনৰ বাবে দোকান সমূহ বন্ধ কৰা হৈছে তাৰ পাচতো যদি চৰকাৰী নিৰ্দেশ অমান্য কৰা দেখা যায় তেন্তে ৬ দিনৰ বাবে বন্ধ কৰি কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
লগতে পঢ়ক : গোসাইগাঁৱত আদিবাসী কোব্ৰা মিলিটাৰীৰ প্ৰতিষ্ঠা দিৱস পালন