অসম

assam

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 2:31 PM IST

ETV Bharat / state

বন্যহস্তীৰ জাকে সৰ্বস্বান্ত কৰিছে মৰঙিবাসীক, কথমপি প্ৰাণৰক্ষা লোকৰ

Man elephant conflict: আৰু কিমান সহিব মৰঙিবাসীয়ে ? কেতিয়া সাৰ পাব বন বিভাগে ? শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ মৰঙিত বন্যহস্তীৰ উপদ্ৰৱে ৰাইজক জলা-কলা দেখুৱাইছে ৷

wild elephant terror
বন্যহস্তীৰ জাকে সৰ্বস্বান্ত কৰিছে মৰঙিবাসীক

বন্যহস্তীৰ জাকে সৰ্বস্বান্ত কৰিছে মৰঙিবাসীক

গোলাঘাট, 15 ডিচেম্বৰ :ৰাজ্যজুৰি বন্যহস্তীৰ উপদ্ৰৱৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ পিচতো গা লৰা নাই বন বিভাগৰ ৷ বিগত প্ৰায় এমাহ ধৰি গোলাঘাট জিলাৰ মৰঙি অঞ্চলত বন্যহস্তীয়ে ত্ৰাহি মধুসূদন সোঁৱৰাইছে অঞ্চলবাসীক ৷ আনকি বৃহস্তৰ অঞ্চলটোৰ লোকসকলে ৰাজপথলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ৷

শুকুৰবাৰে পুনৰ মৰঙিৰ ধলাগুৰি চাহ বাগিচাৰ ৰাজপথত হঠাৎ এটা বন্যহস্তীৰ জাকৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰে মটৰচাইকেল আৰোহীৰ লগতে বাগিচাৰ ভালেকেজন পুৰুষ আৰু মহিলা শ্ৰমিকে ৷ মৰঙি মৌজাৰ জনাঞ্চল এতিয়া নিতৌ জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণথলীলৈ পৰিণত হৈছে ৷ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ খাদ্যৰ সন্ধানত ঢাপলি মেলিছে বন্যহস্তীৰ জাকে ।

গাঁওবাসীৰ ঘৰ-বাৰীৰ কাষেৰে পাৰ হৈছে জাক জাক বন্যহস্তী । ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে বাগিচা আৰু গাঁৱৰ লোকসকলে ৷ ইফালে হাতীৰ সন্ত্ৰাসত ঘৰৰ পৰা ওলাব নোৱাৰি একাংশ দিন হাজিৰা কৰা লোকে পেটত গামোচা মাৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে ৷ মুঠৰ ওপৰত এতিয়া ঘৰৰ পৰা ওলাই যাবলৈকে বাৰম্বাৰ চিন্তা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ৷ কোন সময়ত ক’ৰ পৰা হাতীয়ে আহি আক্ৰমণ কৰে তাক লৈ শংকাৰ সৃষ্টি হৈছে ৷

আনহাতে যোৱা 11 ডিচেম্বৰত একে অঞ্চলতেই বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন লোক । আহত লোকজন তনুৰাম গোৱালা । দিন দুপৰতে ৰঙাজান চাহ বাগিচাৰ পৰা উদয়ন অভিমুখে ওলাই অহা এটা প্ৰকাণ্ড হাতীয়ে মৰঙিৰ চাৰি নং ৰঙাজানৰ গোৱালা বস্তিৰ তনুৰাম গোৱালা নামৰ লোকজনক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ।

এই হাতী মানুহৰ সংঘাত নিৰ্মূল কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আহ্বান জনাইছে স্থানীয় লোকসকলে ৷ যদিও বৰ্তমানলৈকে কোনোধৰণৰ বাস্তৱ প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

লগতে পঢ়ক:পুনৰ হাতী-মানুহৰ সংঘাত, বন্যহস্তীয়ে গচকিলে লোকক

ABOUT THE AUTHOR

...view details