গোলাঘাট,5 আগষ্টঃ গোলাঘাটত এটা পথৰ বাবেই মৃত্যু হ'ল এগৰাকী মহিলাৰ । গোলাঘাট জিলাৰ নুমলীগড়ৰ লেটেকুচাপৰি, নেপালীখুটি, বৰগৰীয়া গাওঁ বাসীক জলাকলা খোৱাইছে এটা পথে । যাতায়াতৰ অতি অনুপযোগী মূল পথটো হৈছে গাঁও কেইখনৰ এটা দীৰ্ঘদিনীয়া সমস্যা । যাৰবাবে অলপতে চন্দ্ৰমায়া চুব্বা নামৰ এগৰাকী মহিলাই বিনা চিকিৎসাৰে মৃত্যুক সাৱটিব লগা হৈছিল ৷ কাৰণ এই পথটোৰে নচলে এম্বুলেঞ্চ অথবা যান বাহন । সাঙি ভাৰ কৰি নিব লাগে ৰোগীক । নিচেই কাষতে এন আৰ এল চিকিৎসালয় আছে যদিও এন আৰ এলৰ সামাজিক উন্নয়ন বিভাগেও দৃষ্টি নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে বহুকেইখন গাঁৱৰ লোকে - গাওঁবাসীক জলাকলা খোৱাইছে এটা পথে
গোলাঘাট জিলাৰ নুমলীগড়ৰ লেটেকুচাপৰি, নেপালীখুটি, বৰগৰীয়া গাওঁবাসীক জলাকলা খোৱাইছে এটা পথে । আনকি পথৰ দুৰৱস্থাৰ বাবেই মৃত্যুক আকোঁৱালি ল'লে এগৰাকী মহিলাই ৷ পথৰ দুৰৱস্থাৰ ফলত চিকিৎসা লাভ কৰিব নোৱাৰি মৃত্যুমুখত পৰে চন্দ্ৰমায়া চুব্বা নামৰ গোলাঘাটৰ মহিলাগৰাকী ৷
সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত এই গাঁৱৰ বাসিন্দাসকলে কেৱল নিৰ্বাচনৰ সময়তহে বিধায়িকা ৰ’জলীনা তিৰ্কীক দেখিবলৈ পোৱাৰ দৰে গুৰুতৰ অভিযোগ তুলিছে ৰাইজে ৷ ৰাইজৰ ক্ষোভ বিধায়িকা ৰ'জলিনা তিৰ্কীকে ধৰি সৰুপথাৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক সকলেও পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । স্থানীয় মহিলাই আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰি কয় যে,"অতি শীঘ্ৰে পথ নিৰ্মাণৰ ব্যৱস্থা কৰক। অন্যথা নিৰ্বাচনৰ প্ৰচাৰ কৰিবলৈ আহিলে পহু খেদা দিব প্ৰাৰ্থী সকলক।"
লগতে পঢ়কঃড্ৰোণ সাজি চমক সৃষ্টি কৰিছে শিৱসাগৰৰ এগৰাকী ছাত্ৰই