অসম

assam

Womens cricketer Uma Chhetri: বোকাখাত ষ্টেডিয়ামত উমা ছেত্ৰীৰ অনুশীলন

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:19 PM IST

বোকাখাতত উপস্থিত ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰী । নিজ গৃহত উপস্থিত হৈ বোকাখাত ষ্টেডিয়ামত অনুশীলনত ব্যষ্ট হৈ পৰিল উমা ছেত্ৰী । বোকাখাত ষ্টেডিয়ামত থকা হেলীপেড আঁতৰাবলৈ পুনৰ আহ্বান জনালে মহিলা ক্ৰিকেটাৰগৰাকীয়ে ।

Uma Chhetri attends practice at Bokakhat Stadium
বোকাখাত ষ্টেডিয়ামত উমা ছেত্ৰীৰ অনুশীলন

বোকাখাত ষ্টেডিয়ামত উমা ছেত্ৰীৰ অনুশীলন

গোলাঘাট,১০ নৱেম্বৰ: ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ বোকাখাতৰ উমা ছেত্ৰী উপস্থিত বোকাখাত ষ্টেডিয়ামত । নিজকে এগৰাকী সফল ক্ৰিকেটাৰৰ ৰূপত গঢ় দিয়াৰ সপোন সততে থকাৰ বাবেই বোকাখাতৰ কান্ধুলীমাৰীৰ নিজ গৃহলৈ অহাৰ পিছত বোকাখাত ক্ৰীড়া সন্থাৰ খেলপথাৰত হাতত বেট লৈ অনুশীলনত ব্যস্ত হৈ পৰে ক্ৰিকেটাৰগৰাকী ।

পিছে বোকাখাত ষ্টেডিয়ামত অনুশীলনত উপস্থিত হৈ ক্ৰিকেটাৰগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে । কিয়নো মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো হেলীপেড নাতৰিল খেলপথাৰৰ পৰা । পুনৰ দ্বিতীয়বাৰ উমাই আহ্বান জনালে বোকাখাত খেল পথাৰৰ পৰা হেলীপেড আঁতৰাই খেলাৰ উপযোগী খেলপথাৰ নিৰ্মাণ কৰি দিবলৈ ।

উমাৰ অনুশীলনৰ আৰম্ভণি কৰা বোকাখাত খেলপথাৰত এতিয়া প্ৰশাসনে নিৰ্মাণ কৰিছিল হেলীপেড । যাৰ বাবে উমাৰ লগতে বহু খেলুৱৈ অনুশীলনত অসুবিধাৰ সন্মুখীন হৈছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বোকাখাতলৈ অহাৰ সময়ত এই বিষয়ে উমাই মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিছিল । হিমন্ত বিশ্ব শৰ্মাইয়ো খেলুৱৈগৰাকীৰ কথা ৰাখি হেলীপেড আঁতৰাই নিয়াৰ আশ্বাস প্ৰদান কৰিছিল ।

কিন্তু মুখ্যমন্ত্ৰীৰ আশ্বাস আশ্বাস হৈয়ে ৰ'ল । আজিলৈকে আঁতৰাই নিদিলে হেলীপেড । যাৰ পৰিপ্ৰেক্ষিতত অনুশীলনৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ খেলুৱৈসকল । সেয়ে পুনৰবাৰ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হেলীপেড আঁতৰাই দিবলৈ আহ্বান জনাই ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ক্ৰিকেটাৰগৰাকীয়ে । ইয়াৰ মাজতে আন্তঃগাথঁনিৰ অভাৱত জৰ্জৰিত নিজ খেলপথাৰত ক্ৰিকেটৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰা প্ৰশিক্ষক মুজিবুৰ ৰহমানৰ তত্বাৱধানত অনুশীলনত ব্যস্ত হৈ আত্মহাৰা হৈ পৰে উমা ।

লগতে পঢ়ক:Khel Maharan 2023: মন্ত্রী পীযুষ হাজৰীকাই লখিমপুৰত আৰম্ভ কৰিলে মহাৰণ

ABOUT THE AUTHOR

...view details