গোলাঘাট, 23আগষ্টঃগোলাঘাটত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত অঘটন ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে চোৰে ৷ জানিব পৰা মতে, বেমাৰৰ ভাও ধৰি চিকিৎসাধীন হৈ আছিল চাফিজুল আলি নামৰ এটা গভাইত চোৰ ৷ চিকিৎসালয়খনৰ কয়দী ৱাৰ্ডৰ পৰা শৌচ কৰিবলৈ গৈ আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে ৷ উল্লেখযোগ্য যে, গভাইত চোৰটোক আৰক্ষীৰ লোকে নিজেই শৌচগাৰলৈ নিছিল ৷ কিন্তু চতুৰ চাফিজুলে শৌচগাৰৰ বাহিৰত আৰক্ষীৰ জোৱান ৰৈ থকা অৱস্থাতো অতি কৌশলেৰে শৌচাগাৰৰ টিং এৰুৱাই ওপৰেদি পলায়ন কৰে ।
উল্লেখযোগ্য যে, গোলাঘাট নগৰৰ কেইবাটাও চুৰি ঘটনাৰ লগত জড়িত গভাইত চোৰ চাফিজুল আলিক ২০ আগষ্টত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ তদুপৰি চোৰটোৰ পৰা আৰক্ষীয়ে সোণ, ৰূপৰ অলংকাৰ, নগদ ধনৰ উপৰি বিভিন্ন ধৰণৰ সামগ্ৰী উদ্ধাৰো কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে চোৰটোক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি অধিক তদন্তৰ বাবে নিজৰ জিম্মাত ৰাখিছিল ।