সৰুপথাৰ, 10 জুন : এগৰাকী 70 বছৰীয়া আইতাৰ কৰুণ কাহিনী ৷ এটি উৰুখা পঁজাতেই বছৰ বছৰ ধৰি আইতাগৰাকীয়ে পাৰ কৰিছে দিন ৷ 94 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাঁচঘৰীয়া গাঁৱৰ অকণি গগৈ নামৰ আইতা গৰাকীয়ে উৰুখা পঁজাতেই অকলশৰে পাৰ কৰিছে জীৱনৰ বৃদ্ধকাল ৷ দুগৰাকী জীয়াৰিয়ে এখন সুখৰ সংসাৰ থকা আইতাগৰাকীৰ এতিয়া উপাৰ্জন বুলিবলৈ একোৱেই নাই ৷ জীয়াৰী দুজনীক বিয়া দিছে যদিও তেওঁলোকৰ অৱস্থাও তেনেই দুৰ্বল ৷
আনৰ ঘৰত কাম কৰি পেট প্ৰৱৰ্তোৱা আইতাগৰাকীয়ে দুপইচা পাইছিল যদিও কিছুদিন পূৰ্বে পিচলি পৰি হাত দুখনো ভাঙি থাকে ৷ ৰেচন কাৰ্ডৰ পৰা মাহে 4 কেজিকৈ পোৱা চাউলেৰে কোনো মতে জোৰা তাপলি মাৰি মাহটো পাৰ কৰে আইতাগৰাকীয়ে ৷ দুখীয়া লোকৰ বাবে চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ন কৰিছে যদিও আইতা গৰাকীয়ে আজিলৈকে নাপালে এটি চৰকাৰী ঘৰ, নাপালে অনাময় আঁচনিৰ সুবিধা ৷ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিল যদিও দুমাহমান পোৱাৰ পিছত সেয়াও নোপোৱা হৈ থাকিল ।