অসম

assam

ETV Bharat / state

Minister Ranjeet Kumar Dass: খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস - অমৃত সৰোবৰ আঁচনি

বুধবাৰে গোলাঘাট জিলাৰ গমাৰিগুৰি আৰু পদুমণি উন্নয়ন খণ্ড পৰিদৰ্শন কৰি কেইবাখনো সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰী পত্ৰ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ ৷

Community Investment Funds and Bank Loans Given
গোলাঘাট জিলাৰ গমাৰিগুৰি আৰু পদুমণি উন্নয়ন খণ্ড পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

By

Published : Jul 27, 2023, 8:31 AM IST

গোলাঘাট, 27 জুলাই : “গ্ৰামাঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি ৰাজ্যখনত 27 মাহত 8.50 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছে ৷” বুধবাৰে এই তথ্য সদৰী কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ বুধবাৰে বিত্ত মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট জিলাৰ গমাৰিগুৰি আৰু পদুমণি উন্নয়ন খণ্ড পৰিদৰ্শন কৰি কেইবাখনো সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰীগৰাকীয়ে এখন সভাত অংশ লৈ আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰিপত্ৰ বিতৰণ কৰে ৷

গোলাঘাটত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যোগী সৃষ্টিত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰি ধানৰ ন্যূনতম সমৰ্থন মূল্য 2,040 টকাকৈ নিৰ্ধাৰণ কৰাৰ ফলত ৰাজ্যখনৰ বৃহৎ সংখ্যক কৃষক উপকৃত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে তেওঁ কয় যে ৰাজ্যখনৰ 67 হাজাৰ কৃষকে প্ৰতি কুইন্টলত 2,040 টকাকৈ ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ জিলাখনৰ কৃষকসকলক কেৱল ধান ক্ৰয় কেন্দ্ৰতহে ধান বিক্ৰী কৰিবলৈ আহ্বান জনায় ৷ অনাগত সময়ত গোলাঘাট জিলাত ধান আৰু সৰিয়হ ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

খেতি কৰিবলৈ এৰি দিয়াৰ প্ৰৱণতা আমাৰ বাবে দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে, চৰকাৰে কৃষকসকল আৰু অধিক উপকৃত হ'ব পৰাকৈ আগন্তুক সময়ত প্ৰতি কুইন্টলত 2,183 টকাকৈ ধান ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লৈছে ৷ তেওঁ আত্মসহায়ক গোটসমূহক গোলাঘাটৰ ব্ৰেণ্ডত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আহ্বান জনায় ৷

অনুষ্ঠানত দিয়া ভাষণত বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে কয় যে 29 হাজাৰ পৰিয়ালে বাস কৰা গমাৰিগুৰি উন্নয়ন খণ্ডত ক'ভিড মহামাৰীৰ সময়ছোৱাত 1,000 টা পুখুৰী খন্দাই বহিঃৰাজ্যৰ পৰা উভতি অহা 1,000 টা পৰিয়ালক সংস্থাপন দিয়া হৈছিল ৷ বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে, বছৰি 2 লাখ কেজি মাছ যাতে গোলাঘাটৰ ৰাইজে লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে মৎস্য উৎপাদনৰ ক্ষেত্ৰখনত গমাৰিগুৰি উন্নয়ন খণ্ডত ব্যাপক উদ্যমেৰে কাম কৰা হৈছে ৷

এই অনুষ্ঠানত প্ৰায় 4.50 কোটি টকাৰ ঋণ মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি উন্নয়ন খণ্ডটোৰ 29 হাজাৰ পৰিয়ালক অৰ্থনৈতিকভাৱে অধিক আগুৱাই লৈ যাব পাৰিব বুলি তেওঁ মন্তব্য কৰে ৷ অনুষ্ঠানত 168 টা আত্মসহায়ক গোটক প্ৰায় 4.50 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰিপত্ৰ প্ৰদান কৰা হয় ৷

চাউদাং পথাৰ পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দোৱা ৰজাপুখুৰীৰ শুভ উদ্বোধন

দুয়োগৰাকী মন্ত্ৰীয়ে পদুমণি উন্নয়ন খণ্ডতো এখন সভাত অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত 128 টা আত্মসহায়ক গোটক প্ৰায় 2 কোটি 26 লাখ টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰিপত্ৰ প্ৰদান কৰা হয় ৷

অনুষ্ঠানত জিলা আয়ুক্ত ড৹ পি উদয় প্ৰবীণো উপস্থিত আছিল ৷ ইয়াৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে বিত্ত মন্ত্ৰীগৰাকীৰ উপস্থিতিত উন্নয়ন খণ্ডটোৰ অন্তৰ্গত চাউদাং পথাৰ পঞ্চায়তত অমৃত সৰোবৰ আঁচনিৰ অধীনত খন্দোৱা ৰজাপুখুৰীৰ শুভ উদ্বোধন কৰে ৷ তেওঁ কয় যে, ৰজাপুখুৰী অমৃত সৰোবৰটো সম্ভৱতঃ অসমৰ সৰ্বশ্ৰেষ্ঠ সৰোবৰ হ'ব ৷

উল্লেখযোগ্য যে মুঠ 25,43,678 টকা ব্যয় সাপেক্ষে চাউদাংপথাৰৰ ৰজাপুখুৰী অমৃত সৰোবৰ আঁচনিখন ৰূপায়ন কৰা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত বিধায়কদ্বয় মৃণাল শইকীয়া আৰু বিশ্বজিৎ ফুকনো উপস্থিত আছিল ৷

লগতে পঢ়ক :Morigaon Mob lynching: গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ বাসগৃহত জিলা আয়ুক্ত দেবাশীষ শৰ্মা

ABOUT THE AUTHOR

...view details