অসম

assam

ETV Bharat / state

বিধানসভাত সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ - সীমান্ত শইকীয়া

ব্যৱস্থা গ্ৰহণৰ দাবী গোলাঘাটৰ বিধায়ক মৃণাল শইকীয়াৰ

বিধান সভাত সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ

By

Published : Feb 19, 2019, 1:16 AM IST

গোলাঘাট,১৮ ফেব্ৰুৱাৰীঃ বিধান সভাত উত্থাপন হ'ল পাকিস্তানত কাৰাবন্দী হৈ থকা গোলাঘাটৰ মেৰাপানীৰ সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ । বিধান সভাৰ মজিয়াত এই বিষয়টো উথাপন কৰি বিহীত ব্যৱস্থাৰ দাবী জনায় গোলাঘাটৰ বিধায়ক মৃণাল শইকীয়াই ।

বিধান সভাত সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ

উল্লেখ্য যে,কৰ্মসংস্থাপনৰ সন্ধানত গৈ দুৰ্ভাগ্যজনকভাৱে পাকিস্তানী নৌসেনাৰ হাতত বন্দী হ'ব লগা হৈছিল গোলাঘাটৰ মেৰাপানীৰ যুৱক সীমান্ত শইকীয়া । পৰিয়ালৰ দৰিদ্ৰতা মোচনৰ স্বাৰ্থত গুজৰাট উপকূলত মাছমৰীয়াৰ জাহাজত সহায়কৰূপে কৰ্মৰত আছিল এই যুৱকজন । যোৱা ২৬ নৱেম্বৰৰ নিশা মাছমৰীয়াৰ জাহাজখন ভুলক্ৰমে আন্ত:ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত জাহাজখনত থকা মুঠ ২২ জন ভাৰতীয় লোকক আটক কৰি পাকিস্তানৰ কাৰাগাৰলৈ ২৭ নৱেম্বৰত প্ৰেৰণ কৰিছিল পাকিস্তান সীমান্তৱৰ্তী আৰক্ষীয়ে । তাৰপাচৰে পৰা আৰু কোনো খা-খবৰ নাই সীমান্তৰ ।

সেয়েহে এতিয়া কান্দোনত ভাগি পৰিছে মাতৃ-পিতৃৰ লগতে পত্নী। প্ৰায় চাৰি মাহৰ পূৰ্বে জন্ম হোৱা পুত্ৰ সন্তানটিৰ মুখ এতিয়ালৈ দেখা নাই পিতৃ সীমান্তই। দৰিদ্ৰ পৰিয়ালটোৱে অতি শীঘ্ৰে সীমান্তসহ ভাৰতীয় লোককেইজনক সুকলমে দেশলৈ ওভোতাই অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰকো জনাইছে কাতৰ আহ্বান ।

ইফালে বিধান সভাত বিষয়টো উত্থাপন হোৱাত পৰিয়ালৰ লোকৰ মাজত আশাৰ সঞ্চাৰ হৈছে । পাচে,এই সম্বন্ধে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব।

ABOUT THE AUTHOR

...view details