অসম

assam

ETV Bharat / state

Uriamghat robbery: উৰিয়ামঘাটত চাঞ্চল্যকৰ ডকাইতি, এজনক আটক

গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Sensational robbery in Uriamghat)। হাৰ্ডৱেৰ বিপনীৰ পৰা চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে ধন । ৰাইজে কৰায়ত্ত কৰিলে চাৰিজনীয়া ডকাইতৰ দলটোৰ এজনক ।

By

Published : Jan 4, 2022, 8:21 PM IST

Uriamghat robbery
উৰিয়ামঘাটত চাঞ্চল্যকৰ ডকাইতি

সৰুপথাৰ,৪ জানুৱাৰী:গোলাঘাট জিলাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Sensational robbery in Uriamghat)। উৰিয়ামঘাট বজাৰৰ মাজমজিয়াত থকা সঞ্জয় শৰ্মা নামৰ এগৰাকী ব্যৱসায়ীৰ হাৰ্ডৱেৰ বিপনীত সংঘটিত হয় এই ডকাইতি । লোৰ বল্টু কিনাৰ সুযোগ লৈ প্ৰথমে চাৰিজনীয়া এটা ডকাইতৰ দল দোকানৰ ভিতৰত প্ৰৱেশ কৰে ।

দোকান খনত দোকানী আৰু তেওঁৰ এগৰাকী বন্ধু বহি থকাৰ সুযোগ লৈ এজনৰ ডিঙিত কেঁচি আৰু আনজনৰ মূৰত বল্টু লগাই টকা বাকচৰ পৰা পইচা উলিয়াই পলাই যাবলৈ লওঁতেই দোকানী জনে চিঞৰ-বাখৰ কৰে । লগে লগে ওচৰ চুবুৰীয়া আহি খেদি খেদি এজনক ধৰিবলৈ সক্ষম হয় যদিও বাকী কেইজনে প্ৰায় ৩০ হাজাৰ টকা লৈ মটৰ চাইকেলেৰে পলাই যায় বুলি দোকানী জনে জানিবলৈ দিয়ে । ঘটনাটো সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰাইজে আটক কৰা ধৃত ডকাইতটোক উৰিয়ামঘাট আৰক্ষী থানালৈ লৈ যায় ।

উৰিয়ামঘাটত চাঞ্চল্যকৰ ডকাইতি

থানাত সোধা-পোছা কৰাত জানিব পৰা যায় যে আটকাধীন লোকজনৰ নাম নৰেন বৰুৱা ওৰফে চুনু বৰুৱা । চুনুৰ ঘৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চাউদাং পথাৰৰ তৰানীত বুলি জানিব পৰা গৈছে । ডকাইতি কাণ্ডৰ লগত জড়িত আৰু দুজনৰ নাম উল্লেখ কৰিছে ধৃত ডকাইতটোৱে ।

তাৰ ভিতৰত এজনৰ নাম ৰঞ্জিত আৰু আন জনৰ নাম বিতু গগৈ উৰিয়ামঘাট ৰণীপুখুৰী গাঁৱৰ বুলি জানিবলৈ দিয়ে । উক্ত ডকাইতি কাণ্ডৰ লগত জড়িত ধৃত লোকজনৰ পৰা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা কেঁচি, বল্টু আৰু নগদ ১১,৩৫০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ৰখাই থোৱা স্থানৰ পৰা ট্ৰাকখন কোনে লৈ গ’ল ?

ABOUT THE AUTHOR

...view details