অসম

assam

By

Published : May 27, 2019, 12:46 PM IST

ETV Bharat / state

দৰিদ্ৰতাৰ সীমা ভেদি গোলাঘাটৰ সীমাৰ সাফল্য

আৰ্থিক দীনতা আৰু ঘৰুৱা সমস্যাই প্ৰতিভা বিকাশত যে হেঙাৰ হ’ব নোৱাৰে তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে গোলাঘাটৰ সীমা গগৈয়ে ৷

বাধাৰ প্ৰাচীৰ ভাঙি গোলাঘাটত উজলিল সীমা

গোলাঘাট , 27 মে': গোলাঘাটৰ এগৰাকী ছাত্ৰীয়ে মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ পিচতো মাতৃৰ মুখত হাঁহি নাই ৷ আৰ্থিক দীনতা আৰু ঘৰুৱা সমস্যাই মেধাৰ পৰিচয় দিয়াত যে হেঙাৰ হ’ব নোৱাৰে তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে গোলাঘাটৰ সীমা গগৈয়ে ৷ ফলাফল ঘোষণাৰ প্ৰায় দহ দিনৰ পূৰ্বে অকালতে চিৰ বিদায় লৈছিল ছাত্ৰী গৰাকীৰ পিতৃয়ে ৷

বাধাৰ প্ৰাচীৰ ভাঙি গোলাঘাটত উজলিল সীমা

গোলাঘাটৰ বিশ্বেশ্বৰ ফুকন কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী সীমা গগৈয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰসহ শতকৰা 90 শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হয় ৷ পৰীক্ষাৰ সময়ত সীমাৰ পিতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত অৱস্থাত আছিল ৷ তেনে পৰিৱেশতেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল গোলাঘাট আমোলাপট্টিৰ এই গৰাকী ছাত্ৰী ৷ কিন্তু দুখৰ বিষয় কন্যাৰ ভাল ফলাফল শুনিবলৈ নাপালে ৰোগাগ্ৰস্ত পিতৃয়ে ৷ জানিব পৰা মতে এখন সৰু দোকান দি পৰিয়াল পোহপাল দি আহিছিল সীমাৰ দেউতাক প্ৰবীণ গগৈয়ে ৷ তেওঁৰ মৃত্যুৰ পিচত কেৱল চাৰিওফালে আন্ধাৰ দেখিছে সীমা গগৈৰ মাতৃয়ে ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য ৰখা সীমাই আৰ্থিক দীনতাৰ বাবে লক্ষ্যত উপনীত হ'ব পাৰিবনে, সেই কথা এতিয়া সীমাৰ মাতৃৰ আগত এক প্ৰশ্ন হৈ পৰিছে ৷ সেয়ে কোনো সহৃদয় ব্যক্তিৰ সহায়ৰ আহবান জনায় সীমাৰ পৰিয়ালে ৷

ABOUT THE AUTHOR

...view details