সৰুপথাৰ,23নৱেম্বৰ : ধনশিৰি মহকুমাৰ চুঙাজানত মহিলাক শ্লীনতা হানি আৰু ধনদাবী কৰি আৰক্ষীৰ ৰোষত পৰিল এজন ৷ লোকজন চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ বাসিন্দা চন্দ্ৰ লহকৰ ৷ লহকৰে চুঙাজান চাৰিআলিৰ এগৰাকী মহিলাক পঞ্চাশ হেজাৰ টকা দাবী কৰাৰ লগতে অশালীন ব্যৱহাৰ কৰি মহিলাগৰাকীৰ কাপোৰ ফালিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷
মহিলাৰ শ্লীনতা হানিৰ চেষ্টাঃ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু মহিলা সমিতিৰ - আৰক্ষীৰ ৰোষত পৰিল এজন
চুঙাজানত মহিলাক শ্লীনতা হানি আৰু ধনদাবী কৰি আৰক্ষীৰ ৰোষত পৰিল আমগুৰি গাঁৱৰ বাসিন্দা চন্দ্ৰ লহকৰ ৷ লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷
ইফালে, এই ঘটনাৰ পাছতে ক্ষোভত ফাটি পৰে অঞ্চলটোৰ মহিলাসকল ৷ আত্মসহায়ক গোট খুলি আৰ্থিক ভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা মহিলাসকলৰ লগত এনে ব্যৱহাৰ কৰাৰ বাবে চুঙাজান আৰক্ষী থানাত ৰুজু কৰা হয় এক গোচৰ ৷ কিন্তু চুঙাজান আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে মহিলাসকল কাষ চাপে আৰক্ষী অধীক্ষকৰ ৷ অধীক্ষকগৰাকীয়ে ৩৪/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/১০৯/৩৮৭/৩৫৪(বি)/২৯৪/৩৪ধাৰাত এক গোচৰ পঞ্জীয়ন কৰে ৷মহিলাসকলৰ অভিযোগ অনুসৰি চুঙাজান অঞ্চলৰ বিভিন্ন অপৰাধৰ লগত জড়িত হৈ আছে চন্দ্ৰ লহকৰ ৷