অসম

assam

ETV Bharat / state

Rhinoceros Death in Golaghat : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট মানসিকতাই প্ৰাণ কাঢ়িলে কাজিৰঙাৰ গঁড়ৰ

জীৱশ্ৰেষ্ঠ মানুহৰ মানসিকতাৰ কেতিয়া উত্তৰণ ঘটিব ? বন্যপ্ৰাণীৰ প্ৰতি আমাৰ দায়িত্ববোধৰ কিয় ইমান অভাৱ ? বন বিভাগ, স্থানীয় প্ৰশানৰ দায়িত্ববোধক লৈ কিয় বাৰে বাৰে প্ৰশ্ন উত্থাপন হয় ? কাজিৰঙাৰ গঁড়টোৰ মৃত্যুৱে বহু কথায়ে উত্থাপন কৰে । জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট মানসিকতাৰ বাবেই কাজিৰঙালৈ উভতিব নোৱাৰিলে দুৰ্ভগীয়া গঁড়টোৱে (rhinoceros death in golaghat) ।

golaghat
golaghat

By

Published : Feb 7, 2023, 1:49 PM IST

Updated : Feb 7, 2023, 2:20 PM IST

গোলাঘাটত গঁড়ৰ মৃত্যু মানৱ সভ্যতাৰ এক প্ৰহসন

গোলাঘাট, ৭ ফেব্ৰুৱাৰী : ৰাজ্যত বন্যপ্ৰাণীৰ লগত পুনৰ এক হৃদয় বিদাৰক ঘটনা । মানুহৰ উদাসীনতা তথা দায়িত্ববোধৰ অভাৱ আৰু বন বিভাগৰ হেমাহিৰ বাবে ৰাজ্যত পুনৰ অকাল মৃত্যুক সাৱটি ল'বলগা হ'ল অসম গৌৰৱ এটা গঁড়ে (rhinoceros death in golaghat) ৷ গোলাঘাট জিলাত এটি গঁড়ে বিগত কেইদিনমানত কাজিৰঙাৰ বনাঞ্চলৰ পৰা ওলাই আহি দিক হেৰুৱাই অনাই-বনাই ঘূৰি ফুৰাৰ বাতৰিয়ে ইতিমধ্যে শিৰোনাম দখল কৰিছিল (rhinoceros came out from kaziranga) ।

কিন্তু স্থানীয় ৰাইজৰ বন্যপ্ৰাণীৰ প্ৰতি থাকিবলগা প্ৰেম আৰু দায়িত্ববোধৰ অভাৱ তথা অকৰ্মণ্য বন বিভাগৰ নিৰ্বিকাৰ স্থিতিৰ বাবে সোমবাৰে শোকাৱহভাৱে গঁড়টোৱে মৃত্যুক সাৱটিবলগা হয় (kaziranga rhino tragic death in golaghat) । এইখিনিতে উল্লেখনীয় যে পাঁচদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (kaziranga national park) পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এটা গঁড় ৷ কিন্তু গঁড়টো ওলাই আহিলেও কাজিৰঙালৈ উভতি যোৱাৰ বাট হেৰুৱাই জনাঞ্চলত আবদ্ধ হৈ পৰে ।

ইফালে গঁডটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে গঁড়টোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰাই পঠোৱাৰ বাবে যাৱতীয় ব্যস্থা গ্ৰহণ কৰিব লাগিছিল । কিন্তু তাকে নকৰি স্থানীয় ৰাইজে অনাহকত হৈ-চৈ আৰম্ভ কৰে । যাৰ বাবে গঁড়টোৱে কাজিৰঙালৈ উভতি যাব নোৱাৰাৰ অভিযোগ উঠিছে । ফলত পাঁচদিনকৈ জনবসতি অঞ্চলত দিশহাৰা গঁড়টোৱে ঘূৰি ফুৰিবলগা হয় ।

আনহাতে, দিশভ্ৰষ্ট হোৱা গঁড়টোৱে দিকবিদিক হেৰুৱাই সন্ত্ৰাস চলাবলৈও আৰম্ভ কৰে । যাৰ ফলত গঁড়টোক লৈ আতংকিত হৈ পৰে গোলাঘাটৰ কেইটামান অঞ্চল । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে, জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট মানসিকতাৰ বাবেই কাজিৰঙা লৈ উভতি যাব নোৱাৰিলে নেকি গঁড়টোৱে । কেৱল সেয়াই নহয়, বন বিভাগৰ দায়িত্ববোধৰ অভাৱ আৰু মানুহৰ নীচ মানসিকতাৰ বাবেই অকালতে প্ৰাণ হেৰুৱালগা হ'ল এই আপুৰুগীয়া সম্পদটোৱে ।

উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা গঁড়টোক লৈ গোলাঘাটত বিশেষ চৰ্চা আৰম্ভ হৈছিল । পাঁচদিন পূৰ্বে গোলাঘাট জিলাৰ দেৰগাঁৱৰ মাজগাঁৱত দেখা গৈছিল এই গঁড়টোক । হঠাৎ জনাঞ্চলত আৱিৰ্ভাৱ হোৱাৰ বাবেই গঁড়টোৱে এজনক আক্ৰমণ কৰে । ফলত আতংকিত হৈ পৰে সমগ্ৰ অঞ্চলটো । ব্ৰহ্মপুত্ৰৰ চৰেৰে জনাঞ্চলত প্ৰৱেশ কৰা গঁড়টোৱে কিন্তু জীৱশ্ৰেষ্ঠ মানুহৰ বাবে অহা পথেৰে ঘূৰি যাব নোৱাৰিলে । গঁড়টোৱে মানুহৰ কিৰিলি, হৈ-হাল্লাৰ বাবে বিপৰীত দিশলৈ গতি কৰি গোলাঘাট নগৰৰ কাষৰীয়া অঞ্চলত অৱস্থান কৰে । মহিমা চাহ বাগিচা, দক্ষিণ হেঙেৰা আদি অঞ্চলৰ পৰা গৈ পৰৱৰ্তী সময়ত পদুমণিত অৱস্থান গ্ৰহণ কৰে ।

মানুহৰ বাৰী, পদূলি আৰু পথাৰত পিটপিটাই ফুৰে গঁড়টোৱে । ইফালে মানুহৰ চিঞৰ-বাখৰ আৰু আগ্ৰাসী মনোভাবৰ বাবে গঁড়টোৱে বিশ্ৰাম আৰু খাদ্যৰ সংকটত ভুগিবলগা হয় । বন বিভাগৰ লোকে গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দিশে খেদিবলৈ চেষ্টা কৰে যদিও কেৱল ৰাইজৰ বাবেই সেয়া সম্ভৱ হৈ নুঠিল । আনহাতে, গঁড়টোৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিহ্নও দেখা পোৱা যায় । উল্লেখযোগ্য যে যোৱা ২ ফেব্ৰুৱাৰীত দেৰগাঁৱৰ মাজগাঁৱত সন্ত্ৰাস সৃষ্টি কৰা গঁড়টোৱে পিছদিনা অৱস্থান কৰে গোলাঘাটৰ মহিমা চাহ বাগিচাত ।

তাৰ পিছত কাজিৰঙাৰ পৰা মাজুলী চাপৰি হৈ গোলাঘাটলৈ ওলাই অহা গঁড়টোৱে মুক্ত বিচৰণ কৰে গোলাঘাটৰ বিভিন্ন অঞ্চলত । পৰৱৰ্তী সময়ত দেৰগাঁৱত তিনিগৰাকী লোকক আক্ৰমণ কৰি আহত কৰে গঁড়টোৱে । শুকুৰবাৰে পুৱা মহিমা চাহ বাগিচাৰ এজন ব্যক্তিক গঁড়টোৱে আক্ৰমণ কৰাৰ পাছত সন্ধিয়া গোলাঘাটৰ DFO সুশীল কুমাৰ ঠাকুৰীয়া আৰু যোৰহাট বন বিভাগৰ কৰ্মী ৰঞ্জিত হাজৰিকাও আহত হয় গঁড়ৰ খেদাত । এনেদৰে গোলাঘাটৰ বিভিন্ন অঞ্চলত ঘূৰি ফুৰিবলগা হয় গঁড়টোৱে । কিন্তু বিভিন্ন কাৰিকৰী অসুবিধাৰ বাবে গঁড়টোক ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে বন বিভাগে । তাৰ মাজতে যোৱা ৪ ফেব্রুৱাৰীৰ পৰা প্রশাসনে ১৪৪ ধাৰা জাৰি কৰিলেও গঁড় চাবলৈ অহা ৰাইজৰ ভিৰ নকমে ।

কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয়, এই ক্ষেত্ৰত প্রশাসনে অধিক তৎপৰতা কিয় প্ৰদৰ্শন কৰিব নোৱাৰিলে ? কাজিৰঙাৰ দৰে ৰাষ্ট্ৰীয় উদ্যান এখনৰ বন বিভাগ তথা বনকৰ্মীৰ গঁড়টোক আটক বা বনাঞ্চললৈ ঘূৰাই পঠাবৰ বাবে কোনো ব্যৱস্থা হাতত নাছিল নেকি ? আৰু আমাৰ মানুহৰ মানসিকতা ? বন্য জীৱ-জন্তুৰ প্ৰতি আমাৰ মানসিকতাৰ কেতিয়া উত্তৰণ ঘটিব ? কেৱল এই গঁড়টোৱেই নহয়, আমাৰ নিকৃষ্ট মানসিকতাৰ বাবে ইতিমধ্যে বহু সময়ত বহু জীৱ-জন্তুৱে অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে । এইটোৱেই যেন এনে ধৰণৰ শেষ ঘটনা হওক । প্ৰশাসন, বন বিভাগৰ লগতে আমি সৰ্বসাধাৰণ ৰাইজো এই ক্ষেত্ৰত অধিক সতৰ্ক থাকিব লাগিব ।

লগতে পঢ়ক :Rhino death in Golaghat: গোলাঘাটত অঘটন, বনবিভাগৰ হেমাহিৰ বাবেই এটা আঘাটপ্ৰাপ্ত গড়ৰ মৃত্যুৰ অভিযোগ

Last Updated : Feb 7, 2023, 2:20 PM IST

ABOUT THE AUTHOR

...view details