অসম

assam

ETV Bharat / state

গোলাঘাটত যোগান বিভাগৰ পৰ্যালোচনা সভা

গোলাঘাটত যোগান বিভাগৰ পৰ্যালোচনা সভা । সভাখনত অংশগ্ৰহণ যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ৷ জিলাখনত খাদ্য সামগ্ৰীৰ মজুতকৰণৰ সন্দৰ্ভত পৰ্যলোচনা কৰা হয় ৷

review meeting in present of supply minister at golaghat
পৰ্যালোচনা সভা

By

Published : Apr 11, 2020, 5:40 PM IST

গোলাঘাট,11 এপ্ৰিলঃগোলাঘাটত শনিবাৰে অনুষ্ঠিত হয় যোগান বিভাগৰ এক পৰ্যালোচনা সভা । কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰিলে পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ জিলাখনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয় সভাখনত । গোলাঘাটৰ আৱৰ্ত ভৱনত অতুল বৰা, যোগান বিভাগৰ সচিব, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, জিলা উপায়ুক্ত, ভাৰতীয় খাদ্য নিগম আৰু অইল ইণ্ডিয়াৰ বিষয়ববীয়া, ব্যৱসায়ী আদিৰ সৈতে আলোচনাত মিলিত হয় যোগানমন্ত্ৰী গৰাকী ।

পৰ্যালোচনা সভা

লক ডাউনৰ সময়সীমা বৃদ্ধি কৰিলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় গোলাঘাটবাসী তাৰ প্ৰতি লক্ষ্য ৰাখে যোগানমন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় এমাহৰ বাবে খাদ্য সামগ্ৰী মজুত থকা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । গোলাঘাট প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিৰ্ধাৰিত কৰি ইতিমধ্যে এই তালিকা বিভিন্ন দোকানত আঁৰি দিছে । ইয়াৰ উপৰি যোৰহাটৰ পাইকাৰী ব্যৱসায়ীৰ লগত আলোচনা কৰি গোলাঘাটৰ লগতে বিভিন্ন জিলাত সামগ্ৰী যোগান ধৰাৰ বিষয়ে অৱগত কৰে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ।

লগতে চাওকঃবাৰাণসীত আবদ্ধ অসমৰ 28 জনীয়া তীৰ্থযাত্ৰীৰ দল

ABOUT THE AUTHOR

...view details