নিউজ ডেস্ক, 27 জানুৱাৰী : বুধবাৰে দেশে উদযাপন কৰিলে 73 তম গণৰাজ্য দিৱস (73rd Republic Day of India )৷ ক’ভিড মহামাৰীৰ মাজতেই নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ মাজেৰে উদযাপন কৰা হয় গণৰাজ্য দিৱসটি ৷ অসমতো গণৰাজ্য দিৱস উদযাপন কৰা হয় প্ৰতিখন জিলা, সদৰ, ৰাজহ চক্ৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত(Republic Day celebrating accross the state in Assam) ৷ পতাকা উত্তোলন পেৰেডৰ লগতে অনানুষ্ঠানিকভাৱে বিভিন্ন স্থানত ৰং-ধেমালিৰ অনুষ্ঠানৰো আয়োজন কৰা দেখা যায় ৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অৱশ্যে সাংস্কৃতিক অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা আৰোপ কৰে অসম চৰকাৰে ৷
বোকাখাত :বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি ডাঃ নেহা যাদৱে । আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ অভিবাদনো গ্ৰহণ কৰে মহকুমাধিপতি গৰাকীয়ে । চৰকাৰী কভিড প্ৰট’কল মানি বোকাখাত ৰাজহুৱা খেল পথাৰত ২০০ ৰাইজৰ উপস্থিতিত গণৰাজ্য দিৱস উদযাপন কৰা হয় । আনহাতে, মহকুমাধিপতি ডাঃ নেহা যাদৱৰ পৰিকল্পনাৰে মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মাতু বড়ি নামৰ এগৰাকী বিশেষভাৱে সক্ষম মহিলাই ৷
টীয়ক :সমগ্ৰ ৰাজ্যৰ লগতে টীয়কতো টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু টীয়ক পৌৰসভাৰ উদ্যোগত তথা সমূহ টীয়কবাসীৰ সহযোগত টীয়ক হাইস্কুল খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । পুৱা সামূহিক চাফাই, দেশ ভক্তিমূলক গীত প্ৰচাৰৰ পাছত পতাকা উত্তোলন স্থলীত স্মৃতি তৰ্পণ কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ তাৰ পাছতে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৌভিক ভূঞাই সকলোৰে উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।
জনিয়া :দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসটি আন ঠাইৰ লগতে কলগাছিয়াতো ৰাজহুৱাভাৱে মহকুমা ভিত্তিত উদযাপন কৰা হয় । কলগাছিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি চন্দনা বৰুৱাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে । এই অনুষ্ঠানত মুক্তি যোদ্ধা ৰামকুমাৰ দাসৰ লগতে দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।